গুৱাহাটীঃ “মোৰ ছোৱালীজনীক ঘূৰাই দিয়ক৷ তাইক টিউচন কৰিবলৈ যাওঁতে ল’ৰা এটাই জোৰ জবৰদস্তি উঠাই লৈ গৈছে৷” কন্যাক বিচাৰি মাতৃৰ হিয়া ভগা কান্দোন ৷
কামপুৰত দিনদুপৰতে সন্ধানহীন হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী। টিউচন কৰিবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল সুস্মিতা দাস নামৰ কিশোৰীগৰাকী। ঘটনা অনুসৰি যোৱা দেওবাৰে বিয়লি দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে প্ৰতিদিনৰ দৰেই টিউচনলৈ গৈছিল৷ টিউচন যোৱাৰ পথতে একে গাঁৱৰে অজিত লৌকা নামৰ এজন যুৱকে ৰজাগাঁৱৰ পৰা বলপূৰ্বকভাৱে এখন গাড়ীত উঠাই লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
কিশোৰীগৰাকী সময়মতে ঘৰলৈ নহাত চিন্তিত হৈ পৰে পিতৃ-মাতৃ৷ লগে লগে পিতৃয়ে সুস্মিতাৰ বন্ধু-বান্ধৱীসহ সকলোকে কন্যাৰ কথা সোধে যদিও কোনোৱে একো তথ্য দিব নোৱাৰিলে৷ উপায়ন্তৰ হৈ নিশা ৮ বজাত কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে অপহৰণৰ সন্দৰ্ভত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷
ইফালে আৰক্ষীয়ে এই ঘটনাক লৈ কোনোধৰণৰ বিচাৰ খোচাৰ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে৷ আনকি এতিয়ালৈ কেছ নম্বৰো লাভ নকৰিলে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ অৱশেষত সংবাদমাধ্যমৰ আগত নিজ কন্যাক বিচাৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুয়ো কাতৰ অনুৰোধ জনাইছে৷