কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ পশ্চিম কাৱৈমাৰীত উদুলি-মুদুলি পৰিৱেশ। বিয়া নাম,আয়তীৰ উৰুলি,পুৰুহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হৈছে গাঁওখন।

নিশা গাঁওখনত অনুষ্ঠিত হ’ল এখন ব্যতিক্ৰমী বিবাহ। প্ৰচণ্ড খৰাঙে দহিছে ৰাজ্য। বিগত বছৰত ৮ টাকৈ বানে জুৰুলা কৰা কামপুৰৰ বিভিন্ন অঞ্চলত নাই পৰ্যাপ্ত বৰষুণ।

নাই জলসিঞ্চনৰ কোনো সু-ব্যৱস্থা। ফলত শাওণ মাহ সোমাল এতিয়াও শুকান হৈ আছে কৃষকৰ পথাৰ। কঠিয়া ৰুৱাটো দূৰৈৰ কথা এই পৰ্যন্ত কঠিয়া পেলাব পৰা নাই কৃষকে।

লগতে পঢ়কঃছিপাঝাৰৰ ৰাজপথত কৃত্ৰিম বানপানী

ফলত উপায়হীন হৈ পৰম্পৰা অনুযায়ী কামপুৰৰ পশ্চিম কাৱৈমাৰী ৰাইজে পাতিলে ভেকুলীৰ বিয়া।জনবিশ্বাস মতে ভেকুলীৰ বিয়া পাতিলে হেনো বৰষুণ হয়।

সেয়েহে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে অঞ্চলটোৰ কৃষক ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া।সকলোৰে আশা ধৰালৈ নামি আহক বৰষুণ আৰু জীপাল হওক কৃষকৰ শুকান পথাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply