নিৰ্মিত পকী পথত বিয়াগোম দুৰ্নীতি

কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ এটা নিৰ্মিত পকী পথত বিয়াগোম দুৰ্নীতি। পথটোত ব্যৱহাৰ হোৱা ব্লেক টপিঙবোৰ হাতেৰে উঠাই দিওঁতেই চপৰা চপৰা উঠি গৈছে।
অভিযোগ দিয়াৰ পাছতো গা লৰা নাই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, অভিযন্তাৰ। ক্ষোভিত ৰাইজে আৱদ্ধ কৰিলে পথ নিৰ্মাণত ব্যৱহাৰ হোৱা গাড়ী-মেচিনসমূহ।
নগাঁও জিলাৰ কামপুৰ লুটুমাৰী লংজাপ মাজগাঁৱৰ চাৰিআলিৰ পৰা চাঙখোলা দলঙলৈ নিৰ্মাণ কৰি থকা চিগনেছাৰ প্ৰজেক্টৰ পথটোত এতিয়া নিম্নমানৰ কাম কৰি ব্যাপক অনিয়ম সংঘটিত কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ব্লেক টপিঙ ব্যৱহাৰ কৰাৰ আগত পথটোত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰিছে সেইয়া নিম্ন মানৰ। ৰাইজে পথটোত ব্যৱহাৰ হোৱা গাড়ী-মেচিনসমূহ জব্দ কৰি নিজৰ জিম্মাত ৰাখিছে।

স্থানীয় ৰাইজৰ দাবী যে ঠিকাদাৰ, অভিযন্তা আহিলেহে মুকলি কৰি দিব বাহনসমূহ। আনহাতে পথটো নিম্নমানৰ হোৱা বুলি মহৰীক অভিযোগ কৰাত মহৰীয়ে অভিযোগকাৰীক ভয় ভাবুকি দেখুৱাই পথৰ কাম চলাই যাম বুলি ভাবুকি প্ৰদান কৰে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
উল্লেখযোগ্য যে ঠিকাদাৰ বাবুল নাথ আৰু অভিযন্তা গোবিন্দ সিঙক স্থানীয় ৰাইজে পথটো নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি বাৰে বাৰে অভিযোগ দিয়াৰ পাছতো এতিয়ালৈকে গা লৰা নাই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ অভিযন্তাৰ।
এনে ধৰনৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে সেইয়াহে লক্ষ্যণীয় হ’ব।

লগতে পঢ়ক উত্তৰ কামৰূপ বন সংমণ্ডলৰ হাজো বনাঞ্চলিক বিভাগৰ অধীনৰ বিভিন্ন অঞ্চলত অবৈধ মাটি খনন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply