কামপুৰ: চৰকাৰ বিৰোধী শ্লগানৰে ৰাজপথ কঁপোৱা ৰুবুল দসে এইবাৰ স্বাবলম্বনৰ দিশে আগবাঢ়িছে। গো পালকৰ জৰিয়তে। সমাজ কৰ্মী পদ্ম হাজৰিকা, অভিযন্ত্ৰা গোৱিন্দ্ৰ সিংৰ আৰ্থিক সাহাৰ্য্য আৰু অসম দুগ্ধ উন্নয়ন বিভাগৰ আঁচনি লগতে পশু চিকিৎসক মুস্তাফা আহমেদৰ তত্ত্বাৱধানত ৰুবুল দাসৰ নেতৃত্ব কামপুৰৰ গুইমাৰীত এঘাৰ জন নিৱনুৱা যুৱকৰ উদ্যোগত এচ আৰ ডেইৰী ফাৰ্ম এখন আৰম্ভ হয়। বহি:ৰাজ্যৰ পৰা কেইবাজনী উন্নত জাতৰ গাই গৰু পালন কৰি নিৱনুৱা সকলৰ সংস্থাপনৰ বাট মুকলি কৰাৰ লক্ষ্যৰে এই ফাৰ্ম খন মুকলি কৰে।
উল্লেখ্য যে অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়মৰে বহি: ৰাজ্যৰ পৰা উন্নত ধৰণৰ পশু ধন আনি এছ আৰ ফাৰ্ম নামেৰে এখন ফাৰ্ম খন খুলিছে। নিৱনুৱাসকলৰ সংস্থাপনৰ বাট মুকলি কৰি দি অঞ্চলটোৰ যুবক যুৱতী সকলক স্বাবলম্বনৰ দিশত আগবঢ়াই নিবলৈ কৰা চেষ্টাত সকলোৱে একেমুখে শলাগ লয়।