কামপুৰ: চোৰাং কাঠ ব্যবসায়ীৰ দৌৰাত্ম্য চলিছে এতিয়া কামপুৰত । বনধ্বংসকাৰী সকলে নিতৌ চলাই গৈছে অবাধ গতিত চোৰাংকাঠৰ ব্যবসায় । চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান বন বিভাগৰ চলিছে যদিও ইয়াক নিয়ন্ত্ৰণ তৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বিভাগটো।
যোৱা নিশা কচুৱাৰ পণ্ডিতঘাটত বন বিভাগে অভিযান চলাই লক্ষাধিক টকাৰ চেগুণ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ কামপুৰ আঞ্চলিক বন বিষয়া ৰাজেন শইকীয়াৰ নেতৃত্বত বিগত তিনিটা দিনত বন বিভাগে জব্দ কৰিছে কাঠ ফলা মিলকে ধৰি বহু মূল্যৱান কাঠ ।
বৰ্তমানলৈকে কেইবালাখ টকাৰ চোৰাং কাঠ জব্দ কৰিছে বন বিভাগে ৷ চোৰাং কাঠ জব্দ কৰিছে যদিও এই ব্যবসায়ৰ লগত জড়িত সকলক নিয়ন্ত্ৰণ কৰিব পৰা নাই বন বিভাগে ।