কামপুৰঃ পুনৰ ৰেলৰ পৰা পলায়ন ১২ গৰাকী যাত্ৰীৰ ৷ কেৰেলাৰ পৰা ত্ৰিবান্দপুৰম এক্সপ্ৰেছ যোগে আহি হোজাই আৰু লামডিং ষ্টেচনত নামিব লগা ১২ জন যাত্ৰীয়ে পলায়ন কৰে।
লাওপানীৰ ৰেলৱে ক্ৰছিংত নামি যায় যাত্ৰী কেইজন । ক’ভিড টেষ্ট নকৰাকৈ পলায়ন কৰে যাত্ৰী সকলে ৷
নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ তৎপৰতাত কামপুৰ আৰক্ষীয়ে অভিযান চলাই ১২ গৰাকী যাত্ৰীকে আটক কৰিবলৈ সক্ষম হয় ।
আৰু পঢ়কঃ বিনামূলীয়াকৈ সকলোকে কোভিড ভেকচিন প্ৰদান কৰিবলৈ আহ্বান চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ
ইতিমধ্যে কামপুৰ আৰক্ষীয়ে আটক কৰা যাত্ৰী সকলৰ ক’ভিড পৰীক্ষা কৰাৰ লগতে 71/21 U/S 51/B of BM. Act নম্বৰৰ এক গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক জনে জানিবলৈ দিয়ে ।
যাত্ৰী সকল কামপুৰৰ কচুৱা আৰু ৰাজাগাঁও অঞ্চলৰ বুলি জানিব পৰা গৈছে।