প্লাষ্টিকৰ মগুমাহ

কামপুৰ: বজাৰত প্লাষ্টিকৰ কণী, চাউলৰ পাছত এইবাৰ ওলাল প্লাষ্টিকৰ মগুমাহ ৷ কামপুৰ বৰহোলাৰ বামুনীয়া নামঘৰত প্লাষ্টিকৰ মগুমাহ দেখি ভকত বৈষ্ণবৰ মাজত হাহাকাৰ ।

নামঘৰৰ প্ৰসাদত প্লাষ্টিক মগুমাহ থকাৰ সন্দেহ ৰাইজৰ । নামঘৰত অনুস্থিত হ’বলগা বছেৰেকীয়া নাম-কীৰ্তনৰ বাবে কামপুৰৰ এখন দোকানৰ পৰা ক্ৰয় কৰিছিল মগুমাহ খিনি । ভকতে মগুখিনি ধুবলৈ লওঁতে প্ৰত্যক্ষ কৰিছিল প্লাষ্টিক সদৃশ মগু । তাৰ পাছতে ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ ৷

প্ৰসাদ খিনি খোৱাৰ অনুপযুক্ত বুলি ৰাইজে জানিব দিছে । লগতে অসম চৰকাৰৰ যোগান বিভাগক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে ৰাইজে ৷ উল্লেখ্য যে, ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যত হোৱা মূল্যবৃদ্ধিৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই এনেদৰে প্লাষ্টিকৰ মগুমাহ বজাৰত মুকলি কৰাৰ সন্দেহ সচেতন লোক সকলৰ।

লগতে পঢ়ক গুৱাহাটীক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টা , পুৰণি কাৰাগাৰৰ ভূমিত ব’টানিকেল গাৰ্ডেন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,883 other subscribers

Leave a comment

Leave a Reply