কামপুৰ:কঠিয়াতলী উন্নয়ন খণ্ডত অবাধ গতিত চলিছে এতিয়া দুৰ্নীতি অনিয়ম।
হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহত নামি পৰিছে জনপ্ৰতিনিধি ৷ উৎকোচ নিদিলে চৰকাৰী গৃহ লাভ নকৰে হিতাধিকাৰীয়ে ৷ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী অভিযান চলিছে সেই সময়ত পঞ্চায়ত অবাধ হাৰত চলিছে দুৰ্নীতি অনিয়ম।

শেহতীয়াকৈ নগাঁও জিলাৰ কঠিয়াতলি উন্নয়ণ খণ্ডৰ অন্তৰ্গত মাধৱপাৰা গাওঁ পঞ্চায়তৰ দুই নং ৱাৰ্ডত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নামত সংগঠিত হৈছে ব্যাপক দুৰ্নীতি আৰু ধন সংগ্ৰহৰ অভিযান । উৎকোচ নিদিলে ঘৰ নাপায় হিতাধিকাৰীয়ে ৷ হিতাতিকাৰীৰ নামত পঞ্জীয়ন হোৱা গৃহৰ ধন আত্মসাৎ কৰি দুই নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য আবু তাহেৰ নিজেই ধন সংগ্ৰহ কৰাত নামি পৰিছে । এই ক্ষেত্ৰত পঞ্চায়ত সভাপতি, পঞ্চায়ত সচিব, অভিযন্ত্ৰা আৰু গাণনিক সকলো মৌন।
পঞ্চায়তটোৰ এটা দৰিদ্ৰ পৰিয়াল এটাৰ পৰা ৱাৰ্ড সদস্য জনে মুকলি ভাবেই উৎকোচ লৈ আজিলৈকে ঘৰটো বনাই নিদিয়াৰ অভিযোগ পৰিয়ালটোৰ। সমষ্টিটোৰ মাধৱপাৰা পঞ্চায়তৰ ২নং ৱাৰ্ডৰ মেম্বাৰ আবু তাহেৰে প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ দিয়াৰ নামত নিলকান্ত শইকীয়া আৰু মীনা শইকীয়াৰ পৰিয়ালটোৰ পৰা ২৫ হাজাৰ টকা ভিন্ন সময়ত নিয়া বুলি জনাই পৰিয়ালটোৱে। এনে পঞ্চায়ত সমূহত চলি থকা দুৰ্নীতি অনিয়ম বোৰৰ অন্ত কেতিয়া হ’ব!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply