কামপুৰঃ কামপুৰৰ নিজ নাৰিকলিত মদ, ড্ৰাগছ আৰু নাৰী নিৰ্যাতনৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ।
নিজ নাৰিকলি মূলা গাভৰু গ্ৰাম্য সংগঠন, বীৰাঙ্গনা গ্ৰাম্য সংগঠনৰ লগতে আশা কৰ্মী অংগনবাড়ী কৰ্মীৰ সহযোগত এই প্ৰতিবাদ।
লগতে পঢ়কঃৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ
প্ৰায় সঘনাই সংঘটিত হৈ থকা অনৈতিক কাৰ্য, নাৰী নিৰ্যাতন, বাল্যবিবাহ, ড্ৰাগছ, মদ আৰু জুৱা খেল আদি বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয় প্ৰায় শতাধিক মহিলাই।
প্ৰতিবাদী দলটোৱে অঞ্চলটোত নাৰী নিৰ্যাতন বন্ধ কৰক, মাদক দ্ৰব্য বন্ধ কৰক আদি শ্ল’গানেৰে এক প্ৰতিবাদী শোভাযাত্ৰা কৰে ।