কামপুৰঃ ৰাজ্যৰ বিভিন্ন উন্নয়ন খণ্ডৰ লগতে নগাঁও জিলা কঠীয়াতলী উন্নয়ন খণ্ডতো ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্যসূচী। কঠীয়াতলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত ৫দিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰে কৰ্মচাৰী সকলে।

৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ ” ROP”ৰ ব্যবস্থা কৰা , সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান,বিভাগত খালী থকা পদসমূহ অভিজ্ঞতা/যোগ্যতা অনুসৰি পুনৰ পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই দাবী সমূহ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে ঠিকাভিত্তিক কৰ্মচাৰী সকলে।

লগতে পঢ়কঃৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

কৰ্মচাৰী সকলে কাৰ্যালয়তে প্ৰতিবাদ সাব্যস্ত কৰাত স্তব্ধ হৈ পৰে খণ্ডটোৰ কামকাজ সমূহ। উল্লেখযোগ্য যে পাঁচ দিনৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীক যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেনেহ’লে ফ্ৰেব্ৰুৱাৰী ৫ তাৰিখৰ পাছৰ পৰা সকলো কাম-কাজৰ পৰা বিৰতি থাকিব বুলি জানিব দিয়ে প্ৰতিবাদকাৰীসকলে। যদিহে সাধাৰণ জনতাৰ একো কাম নহয় তেনেহ’লে ইয়াৰ বাবে জগৰীয়া হ’ব অসম চৰকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply