কামপুৰঃ এইবাৰ জাতীয় সংগঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শাসকীয় দলৰ কৰ্মী সকলে ৷
নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্টত এজিউৰে নিৰ্মাণ কৰা পাৱাৰ কোম্পানীৰ বিৰুদ্ধে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰিছিল নগাওঁ জিলা অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্ৰামকে ধৰি কেইবাটাও সংগঠনে ।
মিকিৰ বামুণী গ্ৰাণ্টৰ এজিউৰ কোম্পানীৰ স্থানত বন্যহস্তীৰ কৰিদৰ নহয় বুলি মন্তব্য কৰাৰ পিছতে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰিছিল সংগঠন কেইটাই ৷
লগতে পঢ়কঃপাঁচ জনকৈ ট্ৰাক চালকে কিয় প্ৰাণ দিব লগা হ’ল হাফলঙৰ দিয়ুংমুখত
আনহাতে বঢ়মপুৰ সমষ্টিৰ উন্নয়ন স্থবিৰ কৰাত নামি পৰা বুলি অভিযোগ তুলি শাসকীয় দলৰ বিজেপি কৰ্মী সকলে কঠিয়াতলী ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি জাতীয় সংগঠন কেইটাক সকিয়াই দিয়ে ৷
উল্লেখ্য যে, মিকিৰ বামুনি গ্ৰাণ্টত স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাৰ বিপৰীতে বন বিভাগে উক্ত স্থান বন্যহস্তীৰ কৰিদৰ নহয় বুলি প্ৰমান পত্ৰ দিয়াৰ পাছত আকৌ কিয় বন্যহস্তীয় পাৱাৰ কোম্পানীৰ ফেনচিং ভঙিলে সেইয়া তদন্তৰ প্ৰয়োজন আছে বুলি সকলোৱে মত প্ৰকাশ কৰিছে ৷