ধোৱা চাঙত চৰকাৰৰ ক’ভিড নীতি ৷নিষেধাজ্ঞাৰ মাজতে বহি:ৰাজ্যৰ শ্ৰমিকে ভৰি পৰিছে কামপুৰ ৷ বিপদ মাতিছে কামপুৰ বাসীলৈ ৷ যি সময়ত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে SOP জাৰী কৰি আন্ত:জিলা যাতায়ত বন্ধ কৰিছে সেই সময়তে কামপুৰৰ বিভিন্ন স্থানত ৰেল বিভাগৰ ঠিকাদাৰে বহি:ৰাজ্যৰ শ্ৰমিক আনি নিয়োজিত কৰিছে কামত ৷
বহি:ৰাজ্যৰ শ্ৰমিক সকলৰ ক’ভিড পৰীক্ষা বা কোৱাৰেন্টাইন নকৰাকৈ কামত নিয়োজিত কৰাত ক্ষুব্ধ হৈ পৰিছে জাতীয় দল সংগঠন সমূহ ৷ বৃহস্পতিবাৰে শ্ৰমিক সকলে মাস্ক পৰিধান নকৰাকৈ কাম কৰি থকা অৱস্থাত বীৰ লাচিত সেনাৰ সদস্য সকলে বহি:ৰাজ্যৰ শ্ৰমিক সকলক জবাবদিহি কৰি স্বাস্থ্য বিভাগক ক’ভিড পৰীক্ষা কৰি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷
জিলা প্ৰশাসনেও এইদৰে বহি ৰাজ্যৰ পৰা অহা শ্ৰমিকক মুকলি ভাবে ঘুৰিবলৈ দিয়া কাৰ্যত তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰেই ব্যবস্থা লবলৈ দাবী জনাইছে ৷
লগতে পঢ়ক ১৫ ৰ পৰা ২০ জুলাইৰ ভিতৰতে হ’ব মেট্ৰিক আৰু HSৰ পৰীক্ষা – ঘোষণা মুখ্যমন্ত্ৰীৰ