কামপুৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ক’ভিড প্ৰট’কল মানি কামপুৰ ৰাস পথাৰত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৷ কৃষ্ণৰ বন্দনাত মুখৰিত হ’ল কামপুৰ ৰাসপথাৰ ৷

কামপুৰ অঞ্চলৰ যুৱতী, বোৱাৰী সকলে পৰিৱেশন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটকে এক প্ৰকাৰ দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত কৰিলে কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰ ৷

লগতে পঢ়কঃডবকাত বহু বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ সিদ্ধান্তত আনন্দ-উল্লাস

সাংসদ প্ৰদ্য়ুত বৰদলৈ বৃহস্পতিবাৰে উপভোগ কৰিলে কামপুৰৰ ৰাস মহোৎসৱ।

বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে উপভোগ কৰে কামপুৰ কেন্দ্ৰীয় ৰাস ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ আজি অন্তিম দিন । ৮৫ সংখ্যক কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰৰ অন্যতম আকৰ্ষন হ’ল পুতলা ৰাস ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply