কামপুৰ: নগাঁও জিলাৰ গমাৰীআটিত এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ। জীৱন পাটৰ নামৰ লোক এজনে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহম্মদ হুছেইন ওৰফে ভূমিকম্পক লগত লৈ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ উদ্দেশ্যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীৰ বস্ত্ৰ টনা আজোৰাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰে।
চিঞৰ বাখৰ শুনি স্থানীয় লোক উপস্থিত হোৱাত দুই লম্পটে পলায়ন কৰে যদিও লগত অনা স্কুটিখন AS01BG-7847এৰি যায়। পিছত গৈ আৰক্ষীয়ে উদ্ধাৰ কৰে স্কুটিখন।
এই ঘটনা সন্দৰ্ভত ৰাঙুলু পহৰা চকীত এক গোচৰ ৰুজু কৰে যদিও ৰাঙুলু পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই টকা লৈ আচামীৰ বিৰুদ্ধে একো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।
উল্লেখযোগ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰলৈ ৰাইজৰ অনুৰোধ যাতে দোষীয়ে উপযুক্ত শাস্তি পায় আৰু ৰাঙুলু পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধেও উচিত বিচাৰ কৰি পৰিয়ালটিক ন্যায় দিবলৈ কৰযোৰে প্ৰাৰ্থনা কৰে।