অভিযুক্ত আব্দুল হামিদ

কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ শালমৰাত ঘটা জঘন্য ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ ৬০ বছৰীয়া ককাকৰ কামনাৰ বলি হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী ৷ বৰ্তমান ৭ মাহৰ অন্তসত্বা কিশোৰী গৰাকী ৷

এতিয়া পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নিজ জীয়ৰীয়ে ৷ ৭ মাহ পূৰ্বে সংঘটিত হোৱা জঘন্য ঘটনাটো কিশোৰী গৰাকী অন্তসত্বা হোৱা পাছতহে পোহৰলৈ আহে ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে পলায়ন কৰে লম্পট আব্দুল হামিদে ৷

কামপুৰ আৰক্ষীয়ে অভিযুক্ত আব্দুল হামিদক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 66/21 U/S 376(lll)RW/Sec 6 Of POCSO Act নম্বৰৰ এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান! আটক দুজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply