জৰাজীৰ্ণ পথ

কামপুৰ কঠিয়াতলী মূল পথটো এতিয়া ৰাজপথ নহয় যেন মৰণ ফান্দহে ৷ এই পথটো জৰাজীৰ্ণ অবস্থাৰ কথা বহুবাৰ আবেদন নিবেদন কৰিও ৰাইজে সুফল নাপালে আজিলৈকে ৷ বিগত সময়চোৱাত জৰাজীৰ্ণ পথটোত বহু কেইটা দূৰ্ঘটনা সংঘটিত হৈছে যদিও চৰকাৰ প্ৰশাসনে আজিলৈকে গুৰুত্ব নিদিলে ৷

আজি দিনদুপৰতে কামপুৰ ৰাজপথৰ দ’ গাঁতত সোমাই বাগৰি পৰিল ই-ৰিক্সা ৷ কেৱল ই-ৰিক্সাই নহয় পথটোৱে যাতায়ত কৰা বিভিন্ন যানবাহন বৃহৎ গাঁতত পৰি আৱদ্ধ হয় পথটোত ৷ কামপুৰ পৌৰসভাৰ মাজমজিয়াৰ এই পথটোৰ বাবে বছৰ বছৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৰাইজ৷ পথ নহয় যেন পুখুৰীহে । পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ।

এজাক বৰষুণতেই পথৰ ওপৰত একাঠু পৰ্যন্ত পানী হোৱাৰ লগতে বন্ধ ৰাখিব লগা হয় পথৰ কাষৰ দোকান সমূহ । কোনো গুৰুত্ব নাই গড়কাপ্তানী বিভাগ কিম্বা কামপুৰ পৌৰ সভাৰ । কংগ্ৰেছ চৰকাৰৰ দিনতে কামপুৰ কঠিয়াতলী সংযোগী পথটো নিৰ্মান কৰিছিল যদিও বৰ্তমান পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত ৷

পথৰ এই প্ৰকাণ্ড গাঁতত পৰি বহু দূৰ্ঘটনা সংঘটিত হৈছে যদিও আজিকোপতি মেৰামতি কৰিবলৈ সময় নোলাল গড়কাপ্তানি বিভাগৰ ৷ এই গুৰুত্বপূৰ্ন পথটো নিৰ্মানৰ বাবে কিবা ব্যৱস্থা গ্ৰহন কৰিবনে বঢ়মপুৰ সমষ্টিৰ নবনিৰ্বাচিত বিধায়ক জিতু গোস্বামীয়ে ৷

লগতে পঢ়ক বানৰ কবলত হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply