কামপুৰঃএটা জৰাজীৰ্ণ পথে জ্বলা কলা খুৱাইছে কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাৰোখুন্দা পঞ্চায়তৰ আদৰ্শ গাঁৱবাসীক।

গাৰোখুন্দা পঞ্চায়তৰ ২নং আৰু ৩নং ৱাৰ্ডৰ মাজেৰে যোৱা পথছোৱাৰে যাতায়তৰ উপযোগী নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

ফলত পথ নিৰ্মাণৰ দাবী তুলি এইবাৰ ৰাজপথলৈ ওলাই আহিছে ৰাইজ ৷ ২০১৭-১৮ বৰ্ষৰ এম জি এনৰেগা আচঁনিৰ অধীনত ২নং ৱাৰ্ডৰ পৰা পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল পথটো ।

আৰু পঢ়কঃসোণাৰিত সাতটাকৈ মৈদাম উদ্ধাৰ, চিনাক্তকৰণৰ লগতে সংৰক্ষণৰ দাবীত স্মাৰকপত্ৰ

বৰ্তমানৰ পঞ্চায়তটোৱে পথটো নিৰ্মাণ কৰিবলৈ লৈছে যদিও যাতায়তৰ সুচল হোৱা নাই । বানত বুৰ যোৱা পথটোত কেইগাড়ীমান ৰাবিজ পেলাই দ্বায়িত্ব সামৰাত জাঙুৰ খাই উঠি আঞ্চলিক পঞ্চায়তৰ সদস্যজনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে । শীঘ্ৰে পথটো নিৰ্মাণ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply