কামপুৰঃ কামপুৰত জৰাজীৰ্ণ বাট-পথে জ্বলাকলা খুৱাইছে ৰাইজক। ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ পুঁজিৰ দ্বাৰা প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল কামপুৰ -কঠিয়াতলী পথৰ পৰা কঁঠালগুৰি হৈ আপাৰ বৰগাঁও, লালুংগাওঁ হৈ ২ কি:মি: দৈৰ্ঘ্যৰ এই পথটো ৷
ঠিকাদাৰ ধ্ৰুৱজ্যোতি বৰগোঁহাইয়ে পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে যদিও, বৰ্তমান পথটোৰ দুৰৱস্থাই দুৰ্ভোগ ভুগাইছে ৰাইজক ৷
বিভিন্ন স্থানত চি চি ব্লক এৰাই যহি খহি গৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে পথটো ৷ যাৰবাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷
ঠিকাদাৰ ধ্ৰুৱজ্যোতি বৰগোঁহাইয়ে কণা হাঁহক পতান দিয়াৰ দৰে পথটোৰ নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে নিজৰ মইমতালিৰে পথটো নিৰ্মাণ কৰাত পথটোৰ এনে দূৰৱস্থা হোৱাৰ অভিযোগ ৰাইজৰ।
লগতে পঢ়কঃ জামুগুৰিহাটত কোভিড ভেকচিনেশ্বন চেন্টাৰ ,বেংকত নাই সামাজিক ব্যৱধান
আনহাতে পথটো নিৰ্মাণ কাৰ্য চোৱাৰ দায়িত্বত গড়কাপ্তানী বিভাগ আছিল যদিও বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত গড়কাপ্তানী বিভাগ ৷
এতিয়া প্ৰশ্ন হয়, সততে স্বচ্ছ আৰু নিকা বুলি দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস হ’বনে এইসকল ঠিকাদাৰক নাকি লগাবলৈ ? নে দূৰ্নীতি কৰিবলৈ ৰঙা দলিচা পাৰি দিব দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ সকলক।