কামপুৰঃ গ্ৰামাঞ্চলৰ বাটপথ পকীকৰণ কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ 

পিছে পথ নিৰ্মানৰ নামত কোটি কোটি টকা লুণ্ঠণ কৰাৰ অভিযোগ উত্থাপন হৈছে  ঠিকাদাৰৰ বিৰুদ্ধে ৷ 

৫ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আধাৰশীলা স্থাপন কৰা কামপুৰ চাংচকীৰ পৰা গৰুবাট কুঁহিমাৰী হৈ ধেপাকুছিলৈ নিৰ্মাণ হ’ব লগা পথটো আজিও সম্পূৰ্ণ হৈ নুঠিল।

আৰু পঢ়কঃ চাবুৱাত ২৬ লাখতকৈ অধিক নকল টকা জব্দ; তিনিজনক গ্ৰেপ্তাৰ

প্ৰায় ৮ কি:মি: দৈৰ্ঘ্যৰ এই পথটো ২০১৯ বৰ্ষৰ ৭ চেপ্তেম্বৰতে নিৰ্মান সম্পূৰ্ন হোৱাৰ কথা আছিল যদিও আজিকোপতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ঠিকাদাৰে ৷ 

যি দুই কি:মি: পথ নিৰ্মাণ কৰিছে তাৰো এফালৰ পৰা চপৰা চপৰে খহিছে।

আনকি নিৰ্মান কৰা কালৰ্ভাটতো  পথটোতকৈ দুই তিনি ফুট চাপৰ ৷ যাৰ বাবে নৱনিৰ্মিত কালৰ্ভাটৰ ওপৰৰে বাৰিষা বাগৰিব বানৰ বাঢ়নী পানী ৷

স্থানীয় ৰাইজৰ অভিযোগ অতি নিম্ন মানৰ সামগ্ৰী আৰু ঠিকাদাৰৰ মইমতালিৰে নিৰ্মাণ কৰাৰ বাবে পথটোৰ এই দুৰৱস্থা ৷ ঠিকাদাৰে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৷

পথটো নিৰ্মাণ কাৰ্য চোৱাচিতাৰ দায়িত্ব লোক নিৰ্মাণ বিভাগৰ আছিল যদিও বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত কামপুৰ উওৰ পূৱ পৰিষদৰ কাৰ্যবাহী অভিযন্তা মনোজ শইকীয়া ৷

ঠিকাদাৰ প্ৰাণকৃষ্ণ দত্ত হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ বাবেই গড়কাপ্টানি বিভাগে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ স্থানীয় একাংশ ৰাইজৰ ৷

এতিয়া প্ৰশ্ন হয়, সততে স্বচ্ছ আৰু নিকা বুলি দম্ভালি মৰা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস হ’বনে এইসকল ঠিকাদাৰক নাকী লগাবলৈ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply