কামপুৰ: নগাঁও জিলাৰ অন্তৰ্গত কামপুৰ পৌৰসভাৰ ভিতৰত চলিছে এতিয়া অৰাজকতা । কাৰ্যলয়টোত নোহোৱা হৈছে বহু নথিপত্ৰ । পৌৰসভাৰ অন্তৰ্গত জনসাধাৰনে জমা দিয়া পৌৰকৰ বোৰৰ সম্পৰ্কে কোনো তথ্য কাৰ্যালয়টোত নোহোৱা হোৱাৰ অভিযোগ উঠিছে।
কামপুৰ পৌৰসভাৰ বিৰুদ্ধে কৰ সংগ্ৰহৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ ঈশ্বিকা বৰা নামৰ এগৰাকী যুৱতীৰ। যুৱতী গৰাকীয়ে নথিপত্ৰ প্ৰদৰ্শন কৰি জনোৱা মতে তেওলোকে পৌৰসভাৰ কাৰ্যালয়ত ২০১৭ চনলৈকে সকলো পৌৰকৰ তেওলোকে জমা দিয়াৰ নথি পত্ৰ থকাৰ পিছতো তেওলোকক ১৪ বছৰলৈকে কৰ জমা দিবলৈ জাননী জাৰি কৰিছিল।
সেই সম্পৰ্কে পৌৰসভাৰ কাৰ্যালয়ত ৰেজিষ্টাৰ চোৱাৰ সময়ত কোনো তথ্যই উল্লেখ নাই বুলি জনাই । বিষয়টো উৰ্ধতম কৰ্তৃপক্ষক অবগত কৰোৱাৰ কথা জনোৱাত বৰ্তমানৰ চন্দন হাজৰিকা নামৰ বিষয়াগৰাকীয়ে সমাধান কৰাৰ চেষ্টা চলাব বুলি কৈ উৰ্ধতম কৰ্তৃপক্ষক নজনাবলৈ জনাই ।
যোৱা সময়চোৱাত পৌৰসভা খনৰ বিভিন্ন অনিয়ম সম্পৰ্কে বহুবোৰ অভিযোগ উঠিছিল ।এনে সময়তে দীৰ্ঘদিনৰ পৰা সংগ্ৰহ কৰি অহা পৌৰকৰৰ হিচাবপত্ৰ কাৰ্যলয়টোত নথকা বিষয়টোক লৈ তদন্ত কৰাটো জৰুৰী হৈ পৰিছে ।
লগতে পঢ়ক নাঙলৰ মুঠিত ধৰি পথাৰত হাল বাইছে মাজুলীৰ এগৰাকী কিশোৰীয়ে