কামপুৰ: বঢ়মপুৰ সমষ্টিৰ কঠীয়াতলী উন্নয়ন খন্ডৰ শগুনবাহী গাঁও আৰু গ্ৰান্টৰ লগতে বঢ়মপুৰ উন্নয়ন খন্ডৰ অন্তৰ্গত কালাযোগী পানীযোগান আঁচনি সমূহ মুকলি কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।
জল জীৱন মিছন আঁচনিৰ অধীনত নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পানী যোগান আঁচনি তিনিটা মুকলি কৰি বিধায়ক গোস্বামীয়ে | “জল জীৱন মিছন” শীৰ্ষক এক অভিলাষী আঁচনিৰ অধীনত এই প্ৰকল্প কেইটা সম্পূৰ্ণ কৰি তুলিছে।
এই আঁচনিৰ অংশ স্বৰপে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত পানী যোগান আঁচনি তিনিটা ৰাইজৰ বাবে মুকলি কৰা হয়। আনহাতে আঁচনি তিনিটাৰ জৰিয়তে শগুণবাহী বাগানৰ ৩৫৯ টা পৰিয়ালৰ লগতে শগুণবাহী গাঁৱৰ ৪৮০ টা পৰিয়াল আৰু কালাযোগী পানীযোগান আঁচনিৰ জৰিয়তে ৪১০ টা পৰিয়ালে বিশুদ্ধ খোৱাপানী সেৱন কৰিব পাৰিব।
উল্লেখ্য যে এই অনুষ্ঠানত নগাঁৱৰ জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈ,গাঁও পঞ্চায়তৰ সভাপতি ,সভানেত্ৰী প্ৰমুখ্যে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
লগতে পঢ়ক- গোলাঘাট জিলাৰ মৰঙীত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধিৱেশন