আমিনগাঁও : ‘সমাজৰ উত্তৰণ বাবে সাধাৰণ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনকে ধৰি নিৰ্বাচন, প্ৰাকৃতিক দুৰ্যোগ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ, মহামাৰী আদি সকলো ক্ষেত্ৰতে সেৱা আগবঢ়াই নিজৰ নিজৰ গাঁৱত একোগৰাকী ক্ষুদ্ৰ উপায়ুক্তৰ ভূমিকা পালন কৰা গাঁও প্ৰধানসকল হ’ল জিলাখনৰ উন্নয়নমূলক কামৰ মূল চালিকা শক্তি৷’ কামৰূপ জিলাৰ অৱসৰপ্ৰাপ্ত গাঁও প্ৰধানসকলক সম্বদ্ধৰ্না জনাবলৈ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এইদৰে কয়৷

উপায়ুক্ত গৰাকীয়ে আৰু কয় যে সময়ৰ লগে লগে আৰু প্ৰযুক্তি বিদ্যাৰ উত্থানৰ লগে লগে প্ৰশাসনিক কাম-কাজৰ গতি-বিধিৰ পৰিবৰ্তনো অপৰিহাৰ্য হৈ পৰিল৷ তেনে এক চিন্তাৰ আলমতে প্ৰশাসন যন্ত্ৰৰ অন্যতম অংগ গাঁও প্ৰধানসকলৰো সেৱাৰ কাৰ্যকাল নিৰ্দ্ধাৰণৰ প্ৰয়োজনীয়তা আহি পৰিল৷ উপায়ুক্ত গৰাকীয়ে অৱসৰী গাঁও প্ৰধানসকলে তেওঁলোকৰ কাৰ্যকালত নিৰৱচ্ছিন্নভাৱে আগবঢ়োৱা সেৱাৰ আন্তৰিক শলাগ লয় আৰু আগন্তুক দিনতো তেওঁলোকৰ অভিজ্ঞালব্ধ জ্ঞানেৰে নতুনকৈ কাৰ্যভাৰ লোৱা গাঁও প্ৰধানসকলক পথ নিৰ্দেশনা দিবলৈ অনুৰোধ জনায়৷

তদুপৰি নতুন গাঁও প্ৰধান নিযুক্তিৰ ক্ষেত্ৰত অৱসৰী গাঁও প্ৰধানসকলৰ যোগ্য নিকটাত্মীয়ক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰে৷ আনহাতে গাঁও প্ৰধানসকলে পাবলৈ বাকী থকা এককালীন সাহায্য আৰু বকেয়া দৰমহা আদায় দিয়াৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷ অনুষ্ঠানত কেইবাগৰাকী অৱসৰী গাঁও প্ৰধানে নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতা সম্পৰ্কত আলোকপাত কৰি ভৱিষ্যতে অৱসৰী গাঁও প্ৰধানসকলৰ বাবে আৰ্থিক অনুদানৰ ব্যৱস্থা কৰাৰ লগতে পৰিয়ালৰ লোকক এই পদত অধিষ্ঠিত কৰিবলৈ অনুৰোধ জনায়৷

লগতে পঢ়ক  : ”অভিজ্ঞতা তৰল বস্তু আৰু ই পানীৰ দৰে গতি কৰে”

উল্লেখযোগ্য যে চৰকাৰৰ নিৰ্দ্ধাৰিত নীতি অনুসৰি জিলাখনৰ ৬৫ বছৰৰ ঊদ্ধৰ্ৰ ১১৪ গৰাকী গাঁও প্ৰধানে অৱসৰ গ্ৰহণ কৰিছে৷ তেওঁলাকে আগবঢ়োৱা সেৱাৰ কৃতজ্ঞতা প্ৰকাশেৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিগৰাকী গাঁও প্ৰধানকে একোখনকৈ মান পত্ৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্তদ্বয় সিদ্ধাৰ্থ গোস্বামী, মানালী জৈন আৰু বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰবিষয়াসকলো উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply