আমিনগাঁও : ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা পোষণ মাহত কামৰূপ জিলাত বিভিন্ন বিভাগৰ সহযোগিতাত সম্পাদন কৰিবলগীয়া কাৰ্যসমূহ সম্পৰ্কত আলোচনা কৰাৰ অৰ্থে বৃহস্পতিবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত এখন সভাৰ আয়োজন কৰা হয়৷ সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত মাণালী জৈনৰ সভাপতিত্বত আয়োজিত এই সভাত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, প্ৰাথমিক শিক্ষা, জনস্বাস্থ্য কাৰিকৰী, তথ্য আৰু জনসংযোগ, আয়ুস আদি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশ গ্ৰহণ কৰে৷

সভাত সমগ্ৰ জিলাখনতে মাহ জুৰি চলিবলগীয়া বিভিন্ন কাৰ্যসূচী সম্বন্ধে সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা সকলোকে অৱগত কৰা হয়৷ পোষণ মাহৰ সফল সমাপ্তিৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াব বুলি বিভাগসমূহৰ বিষয়াসকলে সভাত আশ্বাস প্ৰদান কৰে৷ এই সভাৰ লগত সংগতি ৰাখি ইউনিচেফৰ ৰাজ্যিক পৰিপুষ্টি পৰামৰ্শদাতা গীতাশ্ৰী ফুকনে মাতৃ আৰু শিশুৰ যতন বিশেষকৈ পোষণ মাহত সকলোৱে সম্পাদন কৰিবলগীয়া কিছু স্বাস্থ্যসন্মত বিধি সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়৷

উল্লেখযোগ্য যে এখন পৰিপুষ্ট ভাৰত গঢ়াৰ লক্ষ্যৰে ২০১৮ বৰ্ষৰ পৰা এই পোষণ মাহ উদযাপন কৰি অহা হৈছে৷ এইবাৰৰ চতুৰ্থ পোষণ মাহৰ বাণী হৈছে ‘‘Converging towards a healthy walk-through life’’ সুস্থ জীৱন যাপনৰ বাবে সহযোগিতাৰে আগবঢ়া৷ পোষণ মাহ উপলক্ষে পঠিওৱা এক শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই পোষণ মাহ পালনে অপৰিপুষ্টি বিৰোধী যুঁজত এক জনআন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷

লগতে পঢ়ক : ছেমিফাইনেলত পৰাস্ত অসমৰ তানিয়া : ল’ৰাৰ ডাবলছ খিতাপ মণিপুৰৰ

জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাই এতিয়ালৈ জিলাখনত ৩৭,৭৭০ গৰাকী মহিলাক প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰি পোষণ সপ্তাহ আৰু মাহ পালনে শিশু তথা মাতৃৰ পৰিপুষ্টি সম্পৰ্কে অধিক সজাগতাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে৷ আনহাতে সভা সমাপ্তিৰ পিছতে পোষণ মাহ উপলক্ষে সজাগতা সৃষ্টিৰ বাবে সাজু কৰি তোলা বাহনৰ যাত্ৰা আজি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা শুভাৰম্ভ কৰা হয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply