গুৱাহাটী : পথ সুৰক্ষা তথা পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বিভিন্ন দিশ পৰ্যালোচনাৰ বাবে আজি কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়।

জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত পথ দুৰ্ঘটনা ৰোধৰ বাবে যোৱা পথ সুৰক্ষা সমিতিৰ সভায়ে দিয়া নিৰ্দেশনা সংশ্লিষ্ট বিভাগসমূহে কিদৰে কাৰ্যকৰী কৰিলে, সেই বিষয়ে পৰ্যালোচনা কৰা হয়।

জালুকবাৰী, খানাপাৰা, বশিষ্ট আদি স্থানত ৰাজহুৱা পৰিবহন সেৱাৰ প্ৰকৃত ষ্টপেজ নিৰ্ণয়ৰ বিষয়টো সভাত বিশদভাৱে আলোচনা কৰা হয়। আনহাতে, কোনো ব্যক্তিৰ পথ দুৰ্ঘটনা সংঘটিত হলে তেওঁ যাতে মৃত্যুৰ মুখত নপৰে সেই উদ্দেশ্যে উপায়ুক্তগৰাকীয়ে সোণাপুৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আদিৰ নিৰ্দিষ্ট ট্ৰমা চেন্টাৰসমূহ ২৪ ঘন্টাই খোলা ৰাখিবলৈ আৰু জৰুৰী চিকিৎসাৰ সকলো ধৰণৰ সুবিধা ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলা চিকিৎসা বিভাগক ব্যৱস্থা লবলৈ অনুৰোধ জনায়।

আনহাতে, পথ দুৰ্ঘটনা সম্পৰ্কত সকলো তথ্য তাৎক্ষণিক উপলব্ধ কৰাৰ বাবে ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাই পথ মন্ত্ৰালয়ৰ বিশ্ব বেংক সাহাৰ্যপ্ৰাপ্ত ‘The Integrated Road Accident Database’ (iRAD) এপটো সভাত ব্যৱহাৰিক প্ৰদৰ্শন কৰা হয়।

সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত ভাৰপ্ৰাপ্ত কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে কয় যে এই এপটোৱে আৰক্ষী, চিকিৎসা বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, লোক নিৰ্মাণ, পৰিবহণ আদি বিভাগসমূহক পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত একত্ৰিতভাৱে কম সময়ৰ ভিতৰত কাম কৰাৰ সুবিধা প্ৰদান কৰিব।

আনহাতে, জনসাধাৰণৰ সেৱাৰ সুবিধাৰ্থে জিলাখনৰ ৰাজহুৱা পৰিবহণ সেৱাৰ আস্থানসমূহ নিৰ্ণয় কৰিবলৈ উপায়ুক্তগৰাকীয়ে প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি সভাত ব্যক্ত কৰে।

লগতে পঢ়ক- দুৰাৰোগ্য ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেতা কিশোৰ দাসলৈ সহায়ৰ আহ্বান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply