আমিনগাঁও : সু-শৃংখলিতভাৱে ক’ভিড-১৯ৰ প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হৈ প্ৰতিটো বিভাগৰ কাম-কাজসমূহ সফলতাৰে সম্পন্ন কৰিব লাগিব” কামৰূপ জিলাৰ কেইবাটাও বিভাগে তৎকালীনভাৱে সম্পন্ন কৰিললগীয়া কাৰ্যসমূহ সম্পৰ্কে বুজ লোৱাৰ অৰ্থে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত কৰা পৰ্যালোচনা সভাত উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এইদৰে কয়। পৰ্যললোচনা সভাখনত বৰ্তমান জিলাখনৰ ক’ভিড পৰিস্থিত, বানপানীজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰস্তুতি, ভোটাৰ তালিকাত নামভৰ্ত্তিকৰণ আৰু সংশোধনী প্ৰক্ৰিয়া ত্বৰান্বিত কৰা, পি এম কিষাণৰ হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণ, অসম দৰ্শন আঁচনিৰ অধীনৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ অনুদান মুকলি, এম এছ ডি পি, বৃক্ষ ৰোপণ আৰু ছেটেলাইট টাউনশ্বিপৰ বাবে ভূমি নিৰ্ধাৰণ আদি বিভিন্ন বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ববাহী অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু সহকাৰী আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰা হয়।

কৃষি বিভাগৰ অধীনত ৰূপায়িত হৈ থকা পিএম কিষাণ সম্মান নিধি আঁচনিৰ চলিত বৰ্ষৰ অনুদান আগবঢ়োৱাৰ বাবে চলি থকা হিতধিকাৰীৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পৰ্কে বুজ লৈ উপায়ুক্তগৰাকীয়ে এই প্ৰক্ৰিয়া ২৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে পৰীক্ষাকৰণ ক্ষিপ্ৰ কৰিবৰ বাবে পোন প্ৰথমে প্ৰাথমিক প্ৰয়োজন হিতাধিকাৰীৰ নিজৰ নামত মাটি থকাৰ প্ৰমাণ বিচাৰিবলৈ কয়। বাকী কাৰকসমূহ যেনে পৰিয়ালৰ সদস্য, চাকৰিৰ তথ্য, অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী পেন্সনৰ পৰিমাণ, পিতৃৰ নাম আদিও পৰ্যায়ক্ৰমে পৰীক্ষা কৰি তেওঁলোকৰ যোগ্যতা নিৰূপণ কৰিব লাগিব। উপায়ুক্তগৰাকীয়ে অংগনবাড়ী, আশা কৰ্মী, গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি, চতুৰ্থ বৰ্গৰ চৰকাৰী কৰ্মচাৰী আদি লোকসকলেও এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত ২০০০ টকাকৈ বছৰত তিনিটা কিস্তিত মুঠ ৬০০০ টকাকৈ প্ৰদান কৰা হয়।

আনহাতে কৃষকসকলে সাৰ কিনাৰ ক্ষেত্ৰত ৰাজ সাহায্য পোৱাটো সুনিশ্চিত কৰাৰ অৰ্থে বিক্ৰেতাসকলৰ লাইচেন্স পৰীক্ষাকৰণ প্ৰক্ৰিয়াও তৎপৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি কৃষকসকলে উন্নত বীজ লাভ কৰাটো সুনিশ্চিত কৰিবলৈ বীজ পৰীক্ষাকৰণৰ বাবে লোৱা পদক্ষেপো যাতে ফলপ্ৰসূভাৱে সম্পন্ন কৰা হয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে। বানপানীৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাজহ চক্ৰ, উন্নয়ন খণ্ড পৰ্যায়ত লব লগা প্ৰস্তুতি সম্পৰ্কীয় বিভিন্ন পদক্ষেপ যেনে আদর্শ সাহায্য শিবিৰ, ওখ ঠাইৰ বাচনিকৰণ, লাইফ জেকেটৰ ব্যৱস্থা, ৰাজহ চক্ৰ পৰ্যায়ত টাস্ক ফৰ্চ গঠন আদিৰ বিষয়ে পৰ্যালোচনা কৰা হয়।

লগতে পঢ়ক : কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ জিলা উপায়ুক্তৰ

অসম দৰ্শনৰ অধীনত অনুদান লাভ কৰা ধৰ্মীয় অনুষ্ঠানসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কামৰূপ জিলা ৰাজ্যখনৰ ভিতৰত প্ৰথম হ’ব লাগিব বুলি উল্লেখ কৰি উপায়ুক্ত কাৰ্তিকে এই আঁচনিৰ অধীনত আঢ়ৈ লাখকৈ সাহায্য লাভ কৰিবলগীয়া ৮৯২ টা নামঘৰৰ ভিতৰত এতিয়াও চিনাক্ত কৰিবলৈ বাকী থকা নামঘৰসমূহ তৎকালীনভাৱে চিনাক্ত কৰি যাৱতীয় তথ্য আহৰণ কৰিবলৈ আহ্বান জনায়। আনহাতে কামৰূপ জিলাত গ্ৰহণ কৰিবলগীয়া বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী আৰু ছেটেলাইট টাউনশ্বিপৰ বাবে ভূমি নিৰ্ধাৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাই আহিছে যদিও প্ৰতিষেধক ছিটা প্ৰদান পূৰ্বতকৈ অধিক তীব্রতৰ কৰি তুলিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে এতিয়ালৈ জিলাখনত ৩,২০,৪৯৬ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ২,৬৩,৮৯৬গৰাকীয়ে প্ৰথম পালি আৰু ৫৬,৬০০ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply