গুৱাহাটীঃ কামৰূপ জিলাত সমাগত বানপানীৰ সময়ত প্ৰশাসনে ল’বলগীয়া আগতীয়া ব্যৱস্থা সম্পৰ্কত আলোচনা কৰিবলৈ আজি এখন সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্তৰ সভাকক্ষত সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে বানপানীৰ সময়ত জিলাখনক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰতিটো বিভাগে হাতত ল’বলগীয়া সম্ভৱপৰ সকলো পদক্ষেপ সম্পৰ্কত বিশদভাৱে আলোচনা কৰে৷
সভাত প্ৰতিটো বিভাগে বানপানী সন্দৰ্ভত প্ৰস্তুত কৰা নিজ নিজ পৰিকল্পনাসমূহৰ বিষয়ে সদৰী কৰে৷ জিলাখনৰ ৰাজহ চক্ৰ পৰ্যায়ত ইতিমধ্যে টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে আৰু প্ৰতিটো ৰাজহ চক্ৰতে সাহায্য শিবিৰৰ ঠাইসমূহ চিনাক্ত কৰা হৈছে৷ আনহাতে প্ৰতিটো শিবিৰতে একোটাকৈ কোঠা শিশুৰ বাবে বিশেষভাৱে ৰখা হ'ব৷
লগতে পঢ়কঃঅসম ক্ৰিকেটৰ মেচ ফিক্সিং কাণ্ডৰ শুনানী আৰম্ভ
বিভিন্ন ঠাইৰ স্থানীয় নিৰীক্ষক যেনে গাঁও সুৰক্ষা সমিতি, আপদা মিত্ৰ, প্ৰতিৰোধী বন্ধুৰ পৰা তৎকালীনভাৱে যিকোনো দুৰ্যোগ সম্পৰ্কীয় খবৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী সষ্টম কৰি ৰখা হৈছে৷
তদুপৰি বানৰ প্ৰথম তিনিদিনত ৰন্ধা খাদ্যৰ যোগান ধৰা,অনুকম্পামূলক সাহায্য আৰু বানপানীত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত ৪৮ ঘণ্টাৰ ভিতৰত প্ৰদান কৰিবলগীয়া এককালীন সাহায্য আদিৰ ব্যৱস্থাপনা সম্পৰ্কতো আলোচনা কৰা হয়৷
আলোচনাৰ অন্তত উপায়ুক্ত কাৰ্তিকে সংশ্লিষ্ট সকলোকে নিজ নিজ দায়িত্বসমূহ সুচাৰুৰূপে সম্পাদন কৰিবলৈ আহ্বান জনায় আৰু আগন্তুক দিনত কামৰূপত যাতে কোনো মথাউৰি নভগাকৈ বানপানীৰ দুৰ্যোগ প্ৰশমন কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷