গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগৰ পৰ্যালোচনা সভা। জিলাখনৰ সমগ্ৰ শিক্ষাৰ বিভিন্ন দিশৰ খতিয়ান লবলৈ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা শিক্ষা বিভাগৰ বিষয়া-ববীয়াৰ লগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।
অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, বিদ্যালয় পৰিদৰ্শক আদি উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে বিদাযালয়সমূহৰ আন্তঃগাঠনি, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ ( মধ্যাহ্ন ভোজন ), আধাৰ কাৰ্ডৰ পঞ্জীয়ন আদিৰ ওপৰত বিশদ পৰ্যালোচনা কৰে। জিলাখনৰ যি কেইখন বিদ্যালয়ৰ পাইপ খোৱাপানীৰ ব্যৱস্থা আৰু লৰা আৰু ছোৱালীৰ পৃথক টয়লেটৰ ব্যৱস্থা নাই, তাৰবাবে অনতিপলমে পদক্ষেপ গ্ৰহণৰ বাবে আৰু আধাৰ পঞ্জীয়নৰ কাম সম্পূৰ্ণ কৰাৰ বাবে তেওঁ জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে।
লগতে পঢ়ক : লাঠিৰে প্ৰহাৰ কৰি জ্যেষ্ঠ ভাতৃক নৃশংসভাৱে হত্যা
সভাত ভাষণ দি উপায়ুক্তগৰাকীয়ে কয় যে শিক্ষাৰ কোনো বিকল্প নাই। দুখীয়া লোক এজনেও শিক্ষা অৰ্জনৰ জৰিয়তে আৰ্থিক অৱস্থা স্বচ্ছল কৰি তুলিব পাৰে। আনহাতে দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰে আলোকিত কৰাৰ ক্ষেত্ৰত শিক্ষা প্ৰদানৰ লগতে মৰমৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ বেছি শিক্ষক থকা বিদ্যালয়ৰ পৰা শিক্ষক নি তেওঁলোকক ঘৰত গৈ পঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আধাৰ পঞ্জীয়নৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দি উপায়ুক্তগৰাকীয়ে সভাত লগতে যি বিলাক বিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক টয়লেটৰ ব্যৱস্থা নাই, তাৰ তালিকা বনাই সু-ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লবৰ বাবে জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে।