আমিনগাঁওঃ কোভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমাগত ৭৩ সংখ্যক গণৰাজ্য দিৱসটি এইবাৰ কামৰূপ জিলাত অনুষ্টুপীয়াকৈ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই দিৱস উদযাপনৰ প্ৰ স্তুতি সম্পৰ্কত পুনৰালোচনা কৰাৰ অৰ্থে জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’ৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

এই অনুসৰি পূৰ্বৰ সিদ্ধান্তমতে প্ৰস্তুতি আৰম্ভ কৰা সকলো সাংস্কৃতিক আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰা হয়৷ চৰকাৰী নিৰ্দেশনা অনুসৰি কোভিডৰ নীতি-নিৰ্দেশনা সম্পূৰ্ণৰূপে মানি ৰাষ্ট্ৰীয় পতাকা উত্তোলন, আৰক্ষী, সামৰিক আৰু অৰ্দ্ধসামৰিক বাহিনীৰ দ্বাৰা প্ৰদৰ্শিত কুচ-কাৱাজ আৰু মুখ্য অতিথিৰ ভাষণেৰে আগন্তুক গণৰাজ্য দিৱসটি উদযাপন কৰা হ’ব৷

লগতে পঢ়কঃবোকাখাতৰ দয়াৰামলৈ দয়া উপজিবনে চৰকাৰ অথবা প্ৰশাসনৰ

উল্লেখযোগ্য যে প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচীত ৬০ বছৰৰ ঊদ্ধৰ্ৰ লোকসকলৰ লগতে ১৫ বছৰৰ তলৰ শিশুসকলক উপস্থিত থাকিবলৈ উৎসাহিত কৰা হোৱা নাই৷

সভাত বিভিন্ন বিভাগ, সামৰিক তথা অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধিসকলৰ উপৰি কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ধ্ৰুৱজ্যোতি দাস, সিদ্ধাৰ্থ গোস্বামী, প্ৰণৱ দত্ত গোস্বামী আৰু কমল বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply