নিউজ ডেস্কঃ কাইলৈ অৰ্থাৎ ৬ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৪০টা সমষ্টিত অনুষ্ঠিত হ’ব।

ইতিমধ্যে মহানগৰীৰ ৪ সমষ্টিৰ ভোটগ্ৰহণৰ বাবে তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন।

জালুকবাৰী, পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

উল্লেখ্য যে, ৪ সমষ্টিত মুঠ ১৭০৭ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ভোট কেন্দ্ৰ সমূহত নিয়োজিত হ’বলগীয়া প’লিং আৰু পিজাইডিং বিষয়াৰ লগতে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থাও সম্পূৰ্ণ হৈছে।

মহানগৰীৰ ৪ সমষ্টিৰ নিৰ্বাচনৰ বাবে মুঠ ৯২২৪ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে।

ইয়াৰ উপৰিও সাধাৰণ জনতাই যাতে ভোট প্ৰদান কৰিবলৈ অহাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে জিলা প্ৰশাসনে নিৰাপত্তাৰক্ষীৰ পৰা আদি কৰি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

পূৰ্বৰ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াৰ দৰেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনো সম্পূৰ্ণ কভিড প্ৰ’টকল অনুযায়ী অনুষ্ঠিত হ’ব বুলি জিলা প্ৰশাসনে জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply