গুৱাহাটী : মহানগৰীৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা অবৈধ আৰু অস্বাস্থ্যকৰ পানীৰ বটল ‘পেকেজিঙ’ কাৰখানাৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে জিলা প্ৰশাসন।

এই সম্পৰ্কে চক্ৰ বিষয়া, ‘ফুড চে্ফটি ’বিষয়া, আৰক্ষীৰ দ্বাৰা গঠিত ‘টাস্ক ফৰ্চে’ মহানগৰৰ বিভিন্ন প্ৰান্তত অবৈধ পানীৰ বটল পেকেজিঙৰ বিৰুদ্ধে অভিযান চলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্তই।
কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ এখন সভা অনুষ্ঠিত কৰা হয়। সভাত বিভিন্ন বিভাগৰ বিষয়াসকলে বানপানীৰ সম্ভাৱনীয়তা আৰু ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে বিতং আলোচনা কৰে।

উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিজ-নিজ প্ৰস্তুতিমূলক দায়িত্ব পালনৰ নিৰ্দেশ দিয়ে। ৰাজহ চক্ৰসমূহত পূৰ্বতে ব্যৱস্থা কৰা বান শিবিৰসমূহৰ অৱস্থা সম্বন্ধে বুজ লোৱাৰ উপৰি কৃত্ৰিম বানপানীৰ সময়ত জনসাধাৰণৰ জীৱনৰ সুৰক্ষাৰ বাবে ফুটপাথৰ ‘মেনহোল’ আদিৰ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ লোকনিৰ্মাণ বিভাগক দায়িত্ব ন্যস্ত কৰে।

সেইদৰে বিদ্যুৎ, বন, পশুধন আৰু চিকিৎসা, কৃষি আদি বিভাগসমূহকো কৰণীয় দায়িত্ব আগতীয়াকৈ পালনৰ বাবে নিৰ্দেশ দিয়ে। আনহাতে, উজান বজাৰৰ আশে-পাশে ব্ৰহ্মপুত্ৰৰ বুকুত কিবা দুৰ্ঘটনা হ’লে উদ্ধাৰ অভিযানৰ যাতে বিলম্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে সভাত এতিয়াৰে পৰা দুটাকৈ এচ ডি আৰ এফৰ দল উজান বজাৰ ঘাটত সদায় সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক-পেগাছাচক লৈ সোচ্চাৰ অসম নাগৰিক সমাজ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply