আমিনগাঁও : কামৰূপ জিলাত বর্তমান ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত পর্যালােচনা কৰাৰ অৰ্থে শুকুৰবাৰে জিলা উপায়ুক্তৰ কার্যালয় সভাকক্ষত উপায়ুক্ত কৈলাশ কাৰ্তিৰ্কৰ সভাপতিত্বত এক পর্যালােচনা সভা অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্রশান্ত প্রতীম কাঠকটীয়া, যুটীয়া সঞ্চালক ডাঃ গুণ গােবিন্দ দেৱশৰ্মা, জিলা প্রতিষেধক বিষয়া ডাঃ যুগল দাসকে ধৰি স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু জিলা আয়ুক্তসকলৰ উপস্থিতিত অনুষ্ঠিত হােৱা এই পর্যালােচনা সভাত কামৰূপ জিলাত যােৱা ১৫ দিনত ক’ভিড-১৯ ৰসংক্রমণ, পজিটিভ ৰােগীৰ পৰিচর্যা, প্রাতিষ্ঠানিক আছুতীয়াকৰণ, প্রতিষেধক প্রদান আদি সম্পৰ্কত পর্যালােচনা কৰা হয়।
উল্লেখযােগ্য যে জিলাখনত বৰ্তমানলৈ ক’ভিড-১৯ ত আক্রান্ত ১৪,৭০৭ গৰাকী ৰােগীৰ ভিতৰত ১৩,৩৪৮ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু ১,৩৫৯ গৰাকী চিকিৎসাধীন হৈ আছে। এনেদৰে জিলাখনত বৰ্তমানলৈ ক’ভিড ৰােগীসুস্থ হােৱাৰ হাৰ ৯০.৭৬ শতাংশ হৈছেগৈ। আনহাতে এই মহামাৰীত জিলাখনত এতিয়ালৈ ২৬৫ গৰাকী লােক মৃত্যুৰ মুখত পৰিছে। ইয়াৰ ভিতৰত যােৱা ১৫ দিনৰ ভিতৰত ২৬ গৰাকী লােকৰ মৃত্যু হয়। জিলাখনত ক’ভিড ৰোগৰী মৃত্যুৰ হাৰ হৈছে ১.৮০ শতাংশ। ক’ভিড-১৯ প্রতিৰােধী ব্যৱস্থা হিচাপে জিলাখনত ক’ভিড পৰীক্ষা আৰু প্ৰতিষেধক প্রদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। জিলাখনত এতিয়ালৈ ৩,১৫,৫২২ গৰাকী লােকক প্রতিষেধক প্রদান কৰা হৈছে। ইয়াৰে ২,৬০,৪৭১ গৰাকীয়ে প্রথম পালি প্রতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে ৫৫,০৫১ গৰাকীয়ে দুয়ােপালি গ্ৰহণ কৰিছে।
আৰু পঢ়কঃ কেন্দ্রীয় প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙে পৰিদৰ্শন কৰিলে সৰুসজাইত নির্মিত ক’ভিড হাস্পতাল
জিলা উপায়ুক্তগৰাকীয়ে প্রতিষেধক প্রদানৰ ক্ষেত্ৰত আৰু অধিক ক্ষিপ্রতাৰে আগবঢ়িবলৈ নির্দেশ দিয়াৰ লগতে অধিক ক’ভিড সক্রিয় ৰােগী থকা অঞ্চলসমূহত প্রতিদিনত প্রতিষেধক প্রদান কৰাৰ হাৰ বঢ়াবলৈ নির্দেশ দিয়ে। উদাহৰণ স্বৰূপে শুৱালকুছি আৰু আজাৰাত প্রায় ৫ শতাংশ ক’ভিড পজিটিভ ৰােগী থকাৰ প্রতি লক্ষ্য ৰাখি এই অঞ্চলৰ প্ৰতিগৰাকী লােকক প্রতিষেধক প্রদান কৰাটো নিশ্চিত কৰিবলৈও তেওঁ নির্দেশ দিয়ে। উত্তৰ গুৱাহাটীত প্রতিষেধক প্রদানৰ হাৰ জিলা ভিত্তিক হাৰতকৈ যথেষ্ট কম হৈ থকাৰ প্রতি লক্ষ্য ৰাখি ইয়াত এই গতি খৰতকীয়া কৰিবলৈও উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।