গুৱাহাটী : কামৰূপ মহানগৰ জিলা উন্নয়ন সমন্বয় আৰু নিৰিক্ষণ সমিতিৰ এখন পৰ্যালোচনা সভা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।

ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, জিলা পৰিষদৰ সভাপতি শিৰোমণি কোঁৱৰ আদি উপস্থিত থকা এই সভাত জিলা পৰিষদে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ উপৰি জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগে কাৰ্যকৰী কৰা আঁচনি সমূহৰ ওপৰত বিস্তত আলোকপাত কৰা হয়।

চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰোতে জনসাধাৰণে বাচনি কৰা তৃণমূল পৰ্যায়লৈকে প্ৰতিনিধিক যাতে বিভাগসমূহে জড়িত ৰাখে, তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ সভাত সকিয়াই দি সাংসদ কুইন ওজাই কয় যে যেতিয়ালৈকে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিক আঁচনিসমূহ ৰূপায়ণ কৰোতে জড়িত কৰা নহয়, তৃণমূল পৰ্যায়ৰ জনসাধাৰণ উপকৃত হব নোৱাৰে।

জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা খোৱা পানী যোগানৰ আঁচনিসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জলজীৱন মিছন আৰু আন আন পানী যোগান আঁচনি তৎপৰতাৰে ৰূপায়ণ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ লক্ষ্য বাস্তৱায়িত কৰিবলৈ সংশ্লিষ্ট বিষয়া-বৰ্গক আহ্বান জনায়।

লগতে পঢ়কঃশিল্পী পেঞ্চনৰ পৰা বঞ্চিত ২০০ৰ অধিক গীতৰ শ্ৰষ্টা, কণ্ঠশিল্পী সুন্দৰ ফুকন

উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপৰি সকলো অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থকা এই বৈঠকতে ক’ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনিৰ অধীনত স্বামীহাৰা ১১ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ চেক বিতৰণ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply