আমিনগাঁওঃ কামৰূপ জিলা দিৱসৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ সৈতে এক অন্তৰংগ আলাপত ভাগ লয় ৷ এই আলাপৰ যোগেদি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লগতে জিলাখনৰ উত্তৰণৰ দিশত ল’ব লগা বিভিন্ন পদক্ষেপ আৰু উপায়ুক্তগৰাকীৰ জীৱনৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে ৷ উপায়ুক্তগৰাকীয়ে আন্তৰিকতাৰে সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰিও ছাত্ৰাৱস্থাতেই নিজৰ ঠাইখনৰ উত্তৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আগ্ৰহ অতি শুভলক্ষণ বুলি উল্লেখ কৰে ৷

অনুষ্ঠানত জিলাখনত কৰ্মৰত আন এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰীতি কুমাৰীয়েও ভাগ লয় ৷ আনহাতে কথাছবি প্ৰদৰ্শন শিতানত বান্ধোন, শৃংখল, বুল বুল কেন ছিং আৰু পখী কথাছবি প্ৰদৰ্শন কৰা হয় ৷
এই অনুষ্ঠানৰ অন্য এক মনোগ্ৰাহী অনুষ্ঠান আছিল কামৰূপ জিলাত শিক্ষকতা কৰি বিগত মাহত অৱসৰ গ্ৰহণ কৰা ৩৬ গৰাকী শিক্ষক আৰু শিক্ষা বিভাগৰ কৰ্মচাৰীক আনুষ্ঠানিকভাৱে বিদায় সম্ভষণ জনোৱা আৰু পেন্সনৰ নথি প্ৰদান কৰা ৷ সমান্তৰালভাৱে সমাজ কল্যাণ বিভাগে নিচা মুক্ত ভাৰত সন্দৰ্ভত প্ৰদৰ্শন কৰা বাটৰ নাট আছিল অন্য এক আকৰ্ষণীয় অনুষ্ঠান ৷

জিলা দিৱসৰ কাৰ্যসূচীৰ মুকলি সভাত মুখ্যবক্তা ৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ তথা লেখক ডঃ দয়ানন্দ পাঠক। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলাখনৰ প্ৰাক্তন আয়ুক্ত তথা অসম বিদ্যুৎ নিয়ামক আয়োগৰ উপদেষ্টা এছ কে ৰয় আৰু বিশিষ্ট লেখক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ৷

লগতে পঢ়কঃশিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু, ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ

সভাত আদৰণি ভাষণ প্ৰদান কৰি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমূহ জিলাবাসীকে জিলাখনৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷ আনহাতে জিলাদিৱসৰ শপত বাক্য পাঠ কৰোৱায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে৷ সভাত জিলা দিৱসৰ স্মৃতিগ্ৰন্থ ‘কামৰূপা’ আৰু চৰকাৰী আঁচনি সম্পৰ্কত প্ৰকাশ কৰা ‘সাৰথি’ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰা হয়৷

জিলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আত্মসহায়ক গোটৰ প্ৰদৰ্শনী মেলা আৰু গ্ৰন্থমেলাও মুকলি কৰা হয়৷ ভিলেজ ৰকষ্টাৰ কথাছবিখন প্ৰদৰ্শন কৰাৰ উপৰি কথাছবিখনৰ প্ৰযোজক তথা পৰিচালিকা ৰীমা দাস আৰু শিল্পীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়৷

অনুষ্ঠানৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মা, বিশিষ্ট সন্তুৰ বাদক পংকজ শৰ্মা আৰু ভাস্কৰজ্যোতি ওজাৰ যুগলবন্দী, কণ্ঠশিল্পী জ্যোতিপল আৰু শতাব্দী খাটনিয়াৰৰ গীতৰ শৰাই আছিল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply