গুৱাহাটী : আজিৰে পৰা মহানগৰীত অধিক কঠোৰ হ’ব কামৰূপ মহানগৰ জিলা প্ৰশাসন। মহানগৰীত আজিৰে পৰা সান্ধ্য ভ্ৰমণৰ বাবে ওলাই নাহিবলৈ ৰাইজক আহ্বান। সান্ধ্য ভ্ৰমণলৈ ওলাই অহা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন। ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা মানি চলিবলৈ মহানগৰবাসীক আহ্বান।
দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ শক্তি কিছু হ্ৰাস পাইছে যদিও প্ৰতিদিনে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও পূৰ্বৰ তুলনা হ্ৰাস পাইছে যদিও সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহা নাই মৃত্যুৰ হাৰ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে।
দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে অসমত অধিক ভয়াবহ ৰূপ ধাৰণ কিৰবলৈ সক্ষম হোৱা নাই আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰেও এই মাৰাত্মক ভাইৰাছক কোনো ধৰণৰ সুযোগ গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব বিচৰা নাই। ইতিমধ্যে অধিক সংক্ৰমিত জিলা সমূহক চৰকাৰে কন্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰি এই জিলা সমূহত কভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা অধিক কঠোৰভাৱে বলবৎ কৰিছে।
ইয়াৰ মাজতে মহানগৰী গুৱাহাটীৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা জিলা প্ৰশাসন মহানগৰীৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে নিশাৰ ভাগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ মহানগৰীত ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা কঠোৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাইজক ক’ভিড নীতি-নিৰ্দেশনা সঠিকভাৱে মানি চলিবলৈ আহ্বান জনাইছে। প্ৰশাসনে কাৰ্ফিউ চলি থকা সময়ত ৰাইজক ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনাইছে। ইফালে সান্ধ্য ভ্ৰমণৰ বাবেও মহানগৰীবাসীক ওলাই নাহিবলৈ প্ৰসাদনে আহ্বান জনাইছে।
লগতে পঢ়ক : ছিপাঝাৰত ৰাইজে সমূহীয়া ভাবে সিচিলে শালি ধানৰ কঠিয়া
সান্ধ্য ভ্ৰমণৰ নামত ওলাই অহা লোকৰ বিৰুদ্ধে প্ৰশাসন অধিক কঠোৰ হ’ব বুলিও কামৰূপ মহানগৰ জিলা প্ৰসাদনৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে। দোকান-বজাৰ সমূহতো অধিক লোকক ভিৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে। ইফালে বৃহস্পতিবাৰৰ পৰা মহানগৰীত ভেকচিনেশ্যন কাৰ্যসূচী পূৰ্ণগতিত চলিব। বুধবাৰে প্ৰায় ৩ লাখ ভেকচিন আহি পাইছে বুলিও জানিব পৰা গৈছে।