গুৱাহাটীঃ জনসাধাৰণৰ সুৰক্ষাৰ বাবে চিকিৎসালয়, শ্বপিংমলৰ স্বত্বাধিকাৰীলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশনা।
প্ৰতিষ্ঠানসমূহত সক্ৰিয় ইনবিল্ট ফায়াৰ ইনষ্টলেশ্বন, অগ্নি নিৰ্বাপন ব্যৱস্থা, জুই লাগিলে প্ৰস্থান কৰাৰ পথ চিহ্নিত থকাৰ ব্যৱস্থা থাকিব লাগিব আৰু এই ক্ষেত্ৰত অগ্নি আৰু জৰুলীকালীন সেৱাৰ আপডেটেড প্ৰমাণপত্ৰ থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে।
বিজুলী সংক্ৰান্তীয় সুৰক্ষা ব্যৱস্থা যাৱতীয়. ব্যৱস্থা আৰু এইক্ষেত্ৰত মুখ্য ইলেকট্ৰিকেল ইন্সপেক্টৰ তথা উপদেষ্টাৰ প্ৰমাণপত্ৰ থাকিব লাগিব।
আপডেটেত ফুড চেফটি অডিট আৰু স্বাস্থ্য আৰু এই ক্ষেত্ৰত পৰিয়াল কল্যাণ বিভাগৰ প্ৰমাণপত্ৰ থকাৰ উপৰিও জৰুৰী দুৰ্যোগ ব্যৱস্থাপনা আৰু এই সম্পৰ্কত সু-পৰিকলপনাৰ ব্যৱস্থা থাকিব লাগিব।
লগতে পঢ়কঃগুৰুত্বপূৰ্ণঃ মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ‘প্ৰশ্নকাকত’ সন্দৰ্ভত SEBAৰ নতুন জাননী
লিফ্ট আৰু ইলেভেটৰৰ চেফটি অডিট আৰু মুখ্য ইলেকট্ৰিকেল ইন্সপেক্টৰৰ প্ৰমাণপত্ৰ, অগ্নি সুৰক্ষা, তথা জৰুৰী দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান আৰু এই ক্ষেত্ৰত সবিশেষ প্ৰতিবেদন দাখিল কৰিব লাগিব।
কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত চিকিৎসালয়, শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, চিনেপ্লেক্স আদিত জুই, বিজুলী আৰু অন্যান্য় জৰুৰী ব্যৱস্থাপনা নথকাত তথা ৰোগী, পৰিচাৰক, অতিথি আৰু পৰিদৰ্শনকাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত স্বত্বাধিকাৰীসকলে কম গুৰুত্ব প্ৰদান কৰাৰ প্ৰতি লক্ষ্য ৰাখি লগতে খাদ্যৰ ক্ষেত্ৰত খাদ্য সুৰক্ষাৰ চৰ্তসমূহ প্ৰতিষ্ঠানসমূহে মানি নচলাৰ বাবে, এনেধৰণ কাৰ্যকলাপ বাধাহীনভাৱে প্ৰতিষ্ঠানসমূহত চলি থাকিলে জনসাধাৰণক অধিকভাৱে ক্ষতিগ্ৰস্ত কৰিব বুলি আশংকা কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সকলো প্ৰতিষ্ঠানক অহা ৩০ দিনৰ ভিতৰত আৱশ্যকীয় সকলো সুৰক্ষা ব্যৱস্থা উপলব্ধ কৰিবলৈ আৰু উপযুক্ত পৰীক্ষণৰ পিছত সংশ্লিষ্ট বিভাগসমূহৰ পৰা এই বিষয়ত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি প্ৰতিষ্ঠানসমূহে উপায়ুক্তক দাখিল কৰাৰ বাবে ৩০ দিনৰ সময়-সীমাৰে নিৰ্দেশনা জাৰি কৰিছে।