গুৱাহাটী : কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়। জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে সাম্প্ৰতিক ক’ভিড মহামাৰীৰ সময়ছোৱাত যান-বাহনৰ চলাচল বন্ধ থকা স্বত্বেও পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোত উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিভিন্ন দিশত ল’বলগীয়া সজাগতা-সচেতনতাই এই সংখ্যা হ্ৰাস কৰিব বুলি মন্তব্য কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পথ সজাগতা সন্দৰ্ভত ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে দুমাহজুৰি যি প্ৰচাৰ অভিযান চলোৱাৰ নিৰ্দেশণা দিছে তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আলোচনাৰ বাবেই সভাখন অনুষ্ঠিত কৰা বুলি উল্লেখ কৰে। যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে দুৰ্ঘটনাপ্ৰৱণ এলেকাসমূহ চিনাক্ত কৰি পৰ্যাপ্ত সংখ্যক পথ নিৰ্দেশণা ফলক স্থাপন, ঘাইপথৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি উপযুক্ত আৰু দৃশ্যমান পথ নিৰ্দেশণা ফলক স্থাপন, দুৰ্ঘটনা প্ৰৱণ স্পৰ্শকাতৰ স্থানসমূহত গতিৰোধক নিৰ্মাণ, ঘাইপথ আৰু চাৰ্ভিছৰোড তথা উপপথসমূহৰ সংযোগস্থলীসমূহত নিৰ্দেশণা ফলক তথা গতিৰোধক স্থাপনেৰে জনসচেতনতা বৃদ্ধি কৰি মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসম গঢ়া হ’ব বুলি তেওঁ লগতে মন্তব্য কৰে।

সভাত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত বিপুল দাসে পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি মহানগৰীৰ লখৰা, গড়চুক, বেলতলাৰ বিভিন্ন সংযোগ পথকে ধৰি সোণাপুৰ, ক্ষেত্ৰী আদি অঞ্চলৰ গ্ৰাম্য পথসমূহত স্পীড বেকাৰ স্থাপন কৰি গতিবেগ নিয়ন্ত্ৰণৰ আহ্বান জনায়। আনহাতে, অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত মাধুৰীমা দাসে মহানগৰীৰ বিভিন্ন ঠাইত ৰাতি অধিক পোহৰৰ ব্যৱস্থা কৰি যানবাহনৰ গতিবেগ আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। আনহাতে, উপ আৰক্ষী আয়ুক্ত হেমন্ত দাসে পথ নিৰ্দেশণাৰ চিহ্নসমূহ সকলোৱে বুজিব পৰাকৈ আৰু সকলোৰে দৃশ্যমান হোৱাকৈ স্থাপন কৰি পথ সুৰক্ষা অভিযান দ্ৰুতগতিত আগবঢ়াই নিয়াত গুৰত্ব দিয়ে।

লগতে পঢ়ক : অইল ইণ্ডিয়া লিমিটেডত স্থায়ী ভিত্তিত শ্ৰমিক নিয়োগৰ আহ্বান আলফা স্বাধীনৰ

পৰিবহন বিষয়া (এনফ’ৰ্চমেণ্ট) হিমাংশু কুমাৰ দাসে গুৱাহাটী মহানগৰীত দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগৰ লগতে সকলোক্ষেত্ৰৰ লোকৰ সহযোগিতা আহ্বান কৰে। পৰিবহন বিষয়া ৰকিবুল ইছলাম, লোক নিৰ্মাণ বিভাগৰ বিষয়া দিগন্ত কলিতা, ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাৰ কল্যাণ দত্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়াবৰ্গ তথা সুৰক্ষা সমিতিৰ সদস্যসকল এই সভাত উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,266 other subscribers

Leave a comment

Leave a Reply