গুৱাহাটী : কামৰূপ মহানগৰ জিলাত ক’ভিড আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি হােৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে ক’ভিড বিধি ভংগকাৰীৰ ক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্রহণ কৰিছে। বৃহস্পতিবাৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ বিভিন্ন পথত উপস্থিত হৈ জনসাধাৰণে ক’ভিড সম্পর্কীয় বিধিসমূহ ভালদৰে মানি চলিছেনে নাই তদাৰক কৰে আৰু অতি জৰুৰী নহ’লে জনসাধাৰণক বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনায়।
জিলা উপায়ুক্তগৰাকীৰ লগতে জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, নৰেন দাস, গুনজিৎ ৰায় চৌধুৰী, চক্ৰ বিষয়া আৰু সহকাৰী অতিৰিক্ত বিষয়াসকলেও বিগত কেইবাদিনা ধৰি বিভিন্ন স্থানত উপস্থিত থাকি যান-বাহন নীৰিক্ষণ কার্যত ব্যস্ত হৈ পৰিছে। প্রশাসনে চলােৱা এই তালাচীত নিষেধাজ্ঞা অমান্য কৰা বিভিন্ন ব্যক্তিৰ বিৰূদ্ধে দুর্যোগ ব্যৱস্থাপনা আইনৰ অধীনত গােচৰ ৰুজু কৰাৰ উপৰি কেইবাখনাে বাহন জব্দ কৰা হৈছে।
আৰু পঢ়কঃ নলবাৰীৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ ল’লে নতুন চৰকাৰৰ দুই মন্ত্ৰীয়ে
উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অসমত প্ৰতিদিনে ব্যাপক হাৰত ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ লগতে আৰক্ষী অধিক তৎপৰ হৈ কেইবাটাও নীতি-নিৰ্দশনা জাৰি কৰিছে। ইতিমধ্যে আজিৰ পৰা কামৰূপ মহানগৰ জিলাত যুগ্ম-অযুগ্ম নম্বৰৰ বাহন চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।