গুৱাহাটী : ৮, ১৬ আৰু ২৮ নং ৱাৰ্ডৰ কন্টেইমেন্ট জ’ন প্ৰত্যাহাৰৰ সিদ্ধান্ত। এই ৱাৰ্ড কেইটাত সোমবাৰৰ পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ হ’ব কন্টেইমেন্ট জ’ন। কোনো লোকৰ স্বাস্থ্য বেয়া লাগিলে সোনকালে কোভিড টেষ্ট কৰাৰ পৰামৰ্শ উপায়ুক্তৰ।
মাইক্ৰ কন্টেইমেন্টজ’নত অধিক গুৰুত্ব দিব জিলা প্ৰশাসনে। সংবাদমেলত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা উপস্থিত থাকে। নতুন এছঅ’পি মানি চলিবলৈ ৰাইজক আহ্বান আৰক্ষী আয়ুক্তৰ। বজাৰলৈ যাওতে অনাহকতে ভিৰ নকৰিবলৈ আহ্বান। প্ৰয়োজন নহ’লে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনালে মহানগৰ আৰক্ষীয়ে।
যুগ্ম-অযুগ্ম নম্বৰ নমনা বাবে ৮ লাখ ২৫ হেজাৰ টকা এতিয়ালৈকে জৰিমনা বিহিছে। ইয়াৰ মাজতে জব্দ কৰিছে ২৭৯ খন যানবাহন। ৪৫ হেজাৰ অধিক জৰিমনা বহিছে মাস্ক নিপিন্ধা লোকক। কামৰূপ মেট্ৰ’ৰ উপাযুক্তই স্বীকাৰ কৰে ক’ভিডত এইবাৰ মহানগৰীত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।