গুৱাহাটী : শুকুৰবাৰে কভিড সম্পর্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলাখনত কভিড-১৯ ৰ সংক্ৰমণৰ সংখ্যা ক্রমাৎ বৃদ্ধি হােৱা আৰু জিলাখনত বানপানীয়ে সৃষ্টি কৰিব পৰা দুর্যোগৰ সম্ভাৱনীয়তা সন্দৰ্ভত আগতীয়া ব্যৱস্থা গ্রহণৰ সম্পর্কে দুয়ােটা বিষয়ত আলােচনা কৰিবলৈ শুকুৰবাৰে কামৰূপ মহানগৰ জিলা প্রশাসনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰ্থী চুস্যাংগ, অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰা আৰু বিপুল কুমাৰ দাসৰ উপৰি গুৱাহাটী উন্নয়ন প্রাধিকৰণ, বিমানবন্দৰ প্ৰাধিকৰণ, উত্তৰ পূব সীমান্ত ৰেলৱে, ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনী আদিৰ সংশ্লিষ্ট বিষয়া আৰু জিলাৰ মূৰব্বী বিষয়াসকল উপস্থিত থকা এই সভাত উপৰুক্ত দুয়ােটা বিষয়ত বিশদভাৱে আলােচনা কৰা হয়।
জিলাখনৰ বৰ্ধিত কভিড-১৯ সংক্ৰমণৰ ক্ষেত্ৰত উদ্বিগ্নতা প্রকাশ কৰি জিলা উপায়ুক্ত গৰকীয়ে জিলা স্বাস্থ্য বিভাগক কভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কভিড আক্রান্তৰ সংস্পৰ্শত অহাসকলৰ
চিনাক্তকৰণৰ বিষয়টোত অধিক গুৰুত্ব দিবলৈ অনুৰােধ জনায়। প্রতিজন কভিড আক্রান্ত ৰােগীৰ সংস্পৰ্শলৈ অহা কমেও ৩০ জন ব্যক্তিলৈকে সহজতে চিনাক্ত কৰি সেইমতে সেই ব্যক্তিসকলকে উপযুক্ত ব্যৱস্থা ল’বলৈ তেওঁ জিলা স্বাস্থ্য বিভাগক অনুৰােধ কৰে। সেইদৰে বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচনত যাত্রীসকলৰ কভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰতাে তেওঁ গুৰুত্ব আৰােপ কৰে।
জিলাবাসীক কভিড-১৯ ৰ প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাই উপায়ুক্ত গৰকীয়ে কয় যে একমাত্র সাৱধানতা অৱলম্বনৰ দ্বাৰাহে কভিড জয় কৰিব পৰা যাব। আনহাতে, বাৰিষাত মহানগৰখনত সৃষ্টি হ’ব পৰা বানপানীৰ লগত মােকাবিলা কৰিবপৰাকৈ আগতীয়াকৈ ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভতাে আলােচনা কৰা হয় এই সভাত। জলসম্পদ, লােক নির্মাণ, বিদ্যুৎ আদি সংশ্লিষ্ট বিভাগ সমূহক এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তজনে সভাত নির্দেশ দিয়ে।