গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে মঙলবাৰে জিলাখনত চলি থকা ক’ভিড পৰীক্ষা অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ পৰ্যালোচনা বৈঠকখনত উপায়ুক্ত গৰাকীয়ে ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ বাবে যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে৷ ক’ভিড কেয়াৰ চেণ্টাৰ সমূহত ৰাখিব লগা ১০৮ এম্বুলেন্সৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়াৰ লগতে অতিৰিক্ত এম্বুলেন্স সাজু কৰি ৰখাৰ বাবেও উপায়ুক্ত গৰকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷

পৰীক্ষা অবিহনে ক’ভিড নিয়ন্ত্ৰণ অসম্ভৱ বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰূত্ব আৰোপ কৰে৷ গুৱাহাটী পৌৰ নিগমৰ পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাধ মাধ্যমৰ কাৰ্যালয়, বেচৰকাৰী সন্থা, শ্বপিং মল আদিত পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে৷

লগতে পঢ়ক : ক’ভিড পৰিস্থিতিক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠক

কামৰূপ মহানগৰৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে লগতে জিলাখনৰ ক’ভিড টীকাকৰণ অভিযানৰ অগ্ৰগতিৰো বুজ লয়৷ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰী, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply