কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত বিশ্বজিত পেগু

গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ ক’ভিড সম্পর্কীয় শেহতীয়া পৰিস্থিতি পর্যালােচনা কৰিবলৈ মঙলবাৰে জিলা উপায়ুক্তৰ কার্যালয় সভাকক্ষত পৃথকে পৃথকে দুখনকৈ সভা অনুষ্ঠিত হয়। মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, গুৱাহাটী পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীকে ধৰি জিলা প্রশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থকা। এক সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে প্রশাসনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু ইয়াৰ ফলপ্রসূতা সম্পর্কে বিশদভাৱে আলােচনা কৰে।

জিলাখনত দিনক দিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পােৱা বিষয়টোত মন্তব্য কৰি উপায়ুক্ত বিশ্বজিৎ পেগুৱে সভাত কয় যে একাংশ ব্যক্তিয়ে ক’ভিড নিয়মাৱলী কঠোৰভৱে মানি নচলাৰ বাবেই জিলাখনত শেহতীয়াকৈ ক’ভিড সংক্রমণ বৃদ্ধি পাইছে। উপায়ুক্তগৰাকীয়ে জনসাধাৰণক এইক্ষেত্ৰত অধিক সতর্ক হৈ থাকি নিকটৱর্তী ‘ক’ভিড কাউঞ্চেলিং চেণ্টাৰলৈ গৈ ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰােধ জনায়। তেওঁ কয় যে মাজে-সময়ে ক’ভিড পৰীক্ষা কৰােৱালে শৰীৰত ভাইৰাছৰ উপস্থিতি আগতীয়াকৈ ধৰা পৰে আৰু তেনে ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে সােনকালে আৰােগ্য লাভ কৰিব পাৰি।

আন আন ৰােগত আক্ৰান্ত হৈ থকা লােকসকল ক’ভিডত আক্ৰান্ত হৈ পলমকৈ চিকিৎসালয়ত ভর্তি হােৱাৰ বাবে ক’ভিড আক্রান্তৰ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে বুলি তেওঁ লগতে মন্তব্য কৰে। প্রশাসনে কনটেইনমেন্ট জন হিচাপে ঘােষণা কৰা ৮ নং ৱার্ড, ১৬ নং ৱার্ড আৰু ২৮ নং ৱাৰ্ডৰ বাসিন্দাসকলে কনটেইনমেন্ট জনৰ নিয়মাৱলী মানি চলিছে নে নাই তাৰ ওপৰত তীক্ষ্ণদৃষ্টি ৰাখিবলৈ আৰু লগতে সেই অঞ্চলত প্ৰৱেশ আৰু প্রস্থানৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা ভংগকাৰীৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈও উপাযুক্তগৰাকীয়ে সভাত আৰক্ষী প্রশাসনৰ প্রতি আহ্বান জনায়।

আনহাতে, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ সভাপতিত্বত ক’ভিড টেষ্টিং চেন্টাৰৰ বিষয়ববীয়াসকলৰ লগত অনুষ্ঠিত হয় আন এক সভা। অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰা আৰু বিপুল দাস, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গণেশ শইকীয়াকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থকা এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ক’ভিড টেষ্টিং চেন্টাৰৰ টেকনিচিয়ানকে ধৰি আন আন স্বাস্থ্যকর্মীসকলক নিজ নিজ কেন্দ্ৰত ক’ভিড পৰীক্ষা কৰাৰ উপৰি সংশ্লিষ্ট এলেকাৰ ভিতৰত গৈ ক’ভিড পৰীক্ষা সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে।

লগতে পঢ়ক : উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ বাবে কিনা স্কুটাৰ বোৰ কিয় নষ্ট হ’বলৈ দিছে

তেওঁ কয় যে কনটেইনমেন্ট জন হিচাপে ঘােষণা কৰা ৱার্ডসমূহৰ শেহতীয়া স্থিতি জানিবলৈ ৱার্ডসমূহৰ বাসিন্দাসকলৰ ক’ভিড পৰীক্ষা কৰাতাে নিতান্তই প্রয়ােজন হৈ পৰিছে। উল্লেখযােগ্য যে সম্প্রতি জিলাখনত ৬৩ টা ক’ভিড কাউঞ্চেলিং চেণ্টাৰ সক্রিয় হৈ আছে আৰু পুৱা ৯ বজাৰ পৰা জনসাধাৰণে এই চেণ্টাৰসমূহত ক’ভিড পৰীক্ষা কৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply