গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত জিলা উন্নয়নমূলক সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয়। শিক্ষা, লোক নিৰ্মাণ, স্বাস্থ্য, মীন, খাদ্য আৰু অসামৰিক, বন, হস্ততাঁত আৰু বস্ত্ৰ আদি জিলাখনৰ সকলো বিভাগৰ মূৰব্বী-বিষয়াসকল উপস্থিত থকা এই সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বিভিন্ন বিভাগত চলি থকা উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰাৰ উপৰি সকলো কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নিৰ্মাণ আৰু বিমানবন্দৰৰ ওচৰৰ শীতলভড়াল নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণকে ধৰি প্ৰয়োজনীয় সকলো কাম অহা ৩১ ডিচেম্বৰৰ ভিতৰত সমাপ্ত কৰি প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জিলা কৃষি বিষয়াক সভাত নিৰ্দেশ দিয়ে। আনহাতে, ই-শ্ৰম পৰ্টেলত অসংগঠিত শ্ৰমিকৰ পঞ্জীয়ণ কৰা বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শ্ৰম বিভাগৰ বিষয়াগৰাকীক জিলাখনৰ ঠায়ে ঠায়ে শিবিৰ স্থাপন কৰি শ্ৰমিকসকলক আকৰ্ষণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

লগতে পঢ়ক  : “মিছ এণ্ড মিছেছ ইণ্ডিয়া নেচনেল ডিভা ২০২১”ত তিনিচুকীয়াৰ ট্যুইংকল মৰাণৰ সাফল্য

সেইদৰে, বিদ্যালয় পৰিদৰ্শকৰ অধীনত থকা ৩৮ টা টেবলেট সোনকালে বিতৰণৰ ব্যৱস্থা লবলৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সভাত বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply