গুৱাহাটীঃ মঙলবাৰৰ পৰা কামৰূপ মেট্ৰৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ।

বন্ধ থাকিব বিদ্যালয় , মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ছাত্ৰ-ছাত্ৰী নিবাস।

ক’চিং চেণ্টাৰো বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ।

কৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।

আৰু পঢ়কঃকামৰূপ মহানগৰ জিলাত হ’ম কোৱাৰেণ্টাইনৰ নতুন নির্দেশনা

উল্লেখ্য যে, ইতিপূৰ্বেই ঘোষণা কৰা হৈছিল যে, ১০০০ৰো ওপৰত কোৰোনা আক্ৰান্ত এদিনতে ধৰা পৰিলে বন্ধ কৰা হব চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান।

সোমবাৰৰ দিনটোত অসমত কোৰোনাত আক্ৰান্ত হৈছে- ৩১৩৭গৰাকী । ইয়াৰে ১১৫৩গৰাকী গৰাকী কামৰূপ মেট্ৰৰ।

ডা০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে টুইট কৰি কয় যে যিহেতু কামৰূপ মহানগৰত কোভিড আক্ৰান্তৰ সংখ্যাই এহেজাৰ অতিক্ৰম কৰিছে এনে পৰিপ্ৰেক্ষিতত মহানগৰৰ সমূহ বিদ্যালয়,শিক্ষানুষ্ঠান, হোষ্টেল আদিক সাময়িক ভাবে ১৫ দিনলৈ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহনৰ বাবে জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে।

আনহাতে সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই দিনৰ ভাগতে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মহানগৰীত চলি থকা পৰীক্ষা বাতিল কৰাৰ উপৰি অষ্টম শ্ৰেনীলৈ সমূহ শিক্ষানুষ্ঠানত ৮ মে পৰ্যন্ত শ্ৰেণী সমূহ বন্ধ ৰখাৰ কথা নিৰ্দেশনা জাৰি কৰাৰ লগতে অনলাইন যোগে পাঠদানৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশনা জাৰি কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply