গুৱাহাটী : অপৰাধজনীত ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী। বিগত সময়ছোৱাত অসম আৰক্ষী অধিক তৎপৰ হৈ বিভিন্ন অপৰাধজনীত ঘটনা নিয়ন্ত্ৰণ কৰাৰ লগতে অপৰাধী সকলৰ টোপনি হৰিছে। বিশেষকৈ ড্ৰাগছ ব্যৱসায়ী সকলৰ বাবে অসম আৰক্ষী হৈ পৰিছে মূৰৰ কামোৰণী।

এফালে ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে অভিযান আনফালে অসমৰ বাহিৰতো অপৰাধীক বিচাৰি অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ বহিঃৰাজ্যত অসম আৰক্ষীৰ এক উল্লেখযোগ্য সাফল্য লাভ কৰিছে। কামৰূপ আৰক্ষীয়ে অসমৰ বাহিৰত কেইবাখনো ৰাজ্যত অভিযান চলাই এই সাফল্য লাভ কৰিছে।

বিভিন্ন সময়ত ৰাজ্যৰ কিশোৰী-যুৱতী সকল কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ওলাই যোৱা পৰিলক্ষিত হয়। বহু সময়ত বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বিচাৰি কিশোৰী-যুৱতী সকল দুষ্ট চক্ৰৰ কবলত পৰি এক অন্ধকাৰ জগতলৈ গুচি যাবলৈ বাধ্য হয়। তেনে এক অন্ধকাৰ জগতত চিৰদিনৰ বাবে হেৰাই যাবলৈ ধৰা অসমৰ চৰি গৰাকী যুৱতীক উভয়াই আনিলে কামৰূপ আৰক্ষীয়ে।

আৰু পঢ়কঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টাৱাৰৰ কাম কৰি থকা অৱস্থাত সোৱণশিৰি নদীত পৰিল আনন্দ বাগানৰ যুৱক

ৰাজস্থানৰ জয়পুৰ আৰু উত্তৰ প্ৰদেশৰ গৌমতি নগৰত কামৰূপ আৰক্ষীয়ে অভিযান চলাই চৰি গৰাকী যুৱতীক উদ্ধাৰ কৰে। মানৱ সৰবৰাহকাৰীৰ কবলত পৰি এই যুৱতী সকল পুনৰ নিজ ৰাজ্যলৈ ঘূৰি অহাৰ আশা ত্যাগ কৰিছিল কিন্তু কামৰূপ আৰক্ষীয়ে এই সকল যুৱতীক উদ্ধাৰ কৰিলে। আৰক্ষীয়ে যুৱতী সকলক উদ্ধাৰ কৰাৰ লগতে তিনি গৰাকী মানৱ সৰবৰাহকাৰীকো আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply