দেশজুৰি আৰম্ভ হোৱা ক’ভিড-১৯ৰ দ্বিতীয়টো ধৌ ইতিমধ্যে অসমতো বিয়পি পৰিছে। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা।
ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ মাজতে এইবাৰ কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছে।
জানিব পৰা মতে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হৈ যোৱাৰ পিছতে উপায়ুক্ত গৰাকীয়ে অসুস্থ অনুভৱ কৰিছিল।
ইয়াৰ পিছতে তেওঁ নিজৰ টেষ্ট কৰাত ৰিজাল্ট পজিটিভ আহে। বৰ্তমান উপায়ুক্ত গৰাকী হোম আইছ’লেশ্যনত আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য ভাৰতত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই এতিয়া ভাৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে।
দেশত এতিয়ালৈকে মুঠ ক’ৰ’না সংক্ৰমণৰ সংখ্যা হৈছে ১,৩৫,২৫,৩৭৯ আৰু মৃত্যু হৈছে ১,৭০,১৭৯গৰাকীৰ।
ইপিনে অসমতো ক’ৰ’না সংক্ৰমণৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যত বৰ্তমান ১,৯০২ গৰাকী ক’ভিডত আক্ৰান্ত ৰোগী আছে।
দেওবাৰৰ দিনটোতে ৰাজ্যখনত ৩৫২ গৰাকী লোকৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰে। ইয়াৰ ভিতৰত ১৮৬ গৰাকী আক্ৰান্ত কেৱল কামৰূপ মহানগৰ জিলাৰ।