সোণাৰি : সোণাৰিৰ কাণু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। চাকৰিমুখী নহৈ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈও যাতে জীৱন গঢ়িব পাৰে তাৰেই আদৰ্শ দেখুৱাইছে বিদ্যালয়খনে।
ছাত্ৰ-ছাত্ৰীসকলক কৰ্মমুখী কৰি তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সোণাৰিৰ এখন বিদ্যালয়ে। পুথিগত শিক্ষাৰ লগতে কৰ্ম শিক্ষা প্ৰদানৰ জৰিয়তে আদৰ্শ দেখুৱাইছে সোণাৰিৰ এখন বিদ্যালয়ে। নিবনুৱা যুৱক-যুৱতীসকলে কেৱল চাকৰিমুখী নহৈ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰি তাৰেই উদাহৰণ দেখুৱাবলৈ গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ।
ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় যুৱক-যুৱতী সকলক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বিদ্যালয়খনে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। সোণাৰিৰ কাণু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে গ্ৰহণ কৰিছে এই পদক্ষেপ। কাণু মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত ছন পৰি থকা প্ৰায় ছয় বিঘা মাটিত কৰা হৈছে ঋতুকালীন শস্যৰ খেতি।
স্থানীয় যুৱক তথা বিদ্যালয়খনৰ মাতৃগোটৰ দ্বাৰা খেতি কৰি উপাৰ্জনৰ পথ দেখুৱাইছে বিদ্যালয় কৰ্তৃপক্ষই। সমান্তৰালকৈ সপ্তাহৰ এটা দিনত আজৰি সময়ত বিদ্যালয়খনৰ খেতিপথাৰত ছাত্ৰ-ছাত্ৰীসকলকো কৃষিকৰ্মৰ বিষয়ে শিক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বছৰত আৰম্ভ হোৱা কৰ’ণাকালীন পৰিৱেশৰ পৰাই গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ।
লগতে পঢ়ক : বিশ্বনাথ আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী
ইয়াৰ মাজতে দুষ্কৃতিকাৰীয়ে কিছু অনিষ্ট সাধন কৰিছিল যদিও হাৰ মনা নাই বিদ্যালয় কৰ্তৃপক্ষ। শিক্ষানুষ্ঠানখনৰ এই পদক্ষেপক এতিয়া প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন মহলে।