গুৱাহাটী : অসম আৰক্ষীয়ে পুনৰ গুলী চালনা কৰিলে। অপৰাধীক উদ্দেশ্যি পুনৰ গুলী চালনা কৰিলে অসম আৰক্ষীয়ে। এইবাৰ কিন্তু অপৰাধী গুলীবিদ্ধ হোৱাৰ পৰিবৰ্তে নিহত হ’ল। অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কানৱালদ্বীপ সিঙ নিহত হ’ল অসম আৰক্ষীৰ গুলীত। ৰে’ল আৰক্ষীৰ ইন্সপেক্টৰ কানৱালদ্বীপ সিঙ ড্ৰাগছ আৰু অবৈধ মাৰণাস্ত্ৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগ।
মহানগৰী গুৱাহাটীৰ পল্টন বজাৰস্থিত কালীবাৰীৰ পৰা অপহৰণ হোৱা অজিত দাস নামৰ এজন লোকৰ অপহৰণ কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত কানৱালদ্বীপ সিঙ নিহত হয় অসম আৰক্ষীৰ গুলীত। কাৰ্বি আংলং জিলাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কানৱালদ্বীপ সিঙক আৰক্ষীয়ে লৈ অহা সময়ত আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়িবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী বর্ষণ কৰে কানৱালদ্বীপ সিঙক উদ্দেশ্যি।
কাৰ্বি আংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হোৱা কানৱালদ্বীপ সিঙক সংকটজনক অৱস্থাত চিকিৎসালয়ললৈ নিয়া হয় যদিও কানৱালদ্বীপ সিঙ মৃত্যুৰ মুখত পৰে। অসম আৰক্ষীৰ এডিজিপি জি পি সিঙে অসম আৰক্ষীয়ে অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কানৱালদ্বীপ সিঙক উদ্দেশ্যি আৰক্ষীয়ে গুলী চালনা কৰাৰ কথা এক টুইটযোগে জানিবলৈ দিয়ে।
লগতে পঢ়ক : ৰংঘৰৰ বাকৰিত সেৱা ল’লে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে
উল্লেখ্য যে কিছুদিন পুর্বে গুৱাহাটীৰ পল্টন বজাৰৰ কালীবাৰীৰ অজিত দাস নামৰ এজন লোকৰ অপহৰণ হৈছিল। এই অপহৰণ কাণ্ডৰ লগত অসম আৰক্ষীৰ কেইবাজনো লোক জড়িত আছিল। আৰক্ষীৰ তদন্ত জাগীৰোডৰ পৰা অজিত দাস উদ্ধাৰ হোৱাৰ লগতে জালত পৰিছিল অপহৰণ কাণ্ডৰ লগত জড়িত লোক সকল। কিন্তু মূল অভিযুক্ত কানৱালদ্বীপ সিঙ পলাতক অৱস্থাত আছিল।