খনামুখঃ খনামুখত ”কন্যকা বেকাৰী এণ্ড ৰেষ্টোৰেন্ট” নামৰ কন্যকা বিপনী শুভাৰম্ভ।

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা কৃষি পামৰ উদ্যোগত উৎপাদিত হোৱা বিশুদ্ধ গাখীৰ, দৈ, ঘী, ক্ৰীম, পনীৰ, মিঠাই, সৰিয়হৰ তেল, জহা চাউল ইত্যাদি সামগ্ৰীৰ লগতে বেকাৰী আৰু ৰেষ্টুৰেণ্ট মুকলি কৰে কন্যাকাৰ সভাপতি মতি নেৱাৰে ।

কন্যকাৰ বিপনী সমূহত উৎকৃষ্ট মানৰ বিশুদ্ধ গাখীৰেৰে তৈয়াৰী সামগ্ৰী উপলব্ধ হ’ব বুলি কন্যাকাৰ সভাপতি মতি নেৱাৰে উল্লেখ কৰে ।

লগতে পঢ়কঃ কামৰূপ জিলাৰ পূজা সমিতিসমূহৰ লগত জিলা প্ৰশাসনৰ আলোচনা সভা

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জেষ্ঠ সমাজকৰ্মী কমিচন মিলি, যুৱক মোহন উপাধ্যায়, অৰ্জুন ছেত্রীকে ধৰি ভালেসংখ্যক সমাজকৰ্মী।

ইতিমধ্যে ভৰলীপৰীয়া কন্যকা কৃষি পামৰ উদ্যোগত কন্যকা বিপনী নগাওঁ, শোণিতপুৰ, বিশ্বনাথ জিলাকে সামৰি এতিয়ালৈকে ২০খনতকৈ অধিক বিপনী আৰম্ভ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply