গুৱাহাটী : গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনডৰ ষ্টেডিয়ামত অহা ২১ আৰু ২২ নবেম্বৰত অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অসম অলিম্পিক সন্থাৰ তত্বাবধানত গঠিত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ সভাত শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰতিযোগিতাখন ছাব জুনিয়ৰ কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰৰ ল’ৰা আৰু ছোৱালী উভয় শাখাত অনুষ্ঠিত হ’ব। তদৰ্থ কমিটিৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰতিযোগিতাখনৰ বাবে কোনো খেলুৱৈৰ পৰা যোগদান মাচুল গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰ্থাৎ খেলুৱৈসকলে বিনামুলীয়াকৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব।

লগতে পঢ়ক : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে গ্ৰাহকক বাল্বৰ প্ৰলোভন দি পৰিশোধ কৰাইছে বিল

অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ জ্যোষ্ঠ উপ-সভাপতি বিজয় গুপ্তা, অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি তথা অসম ৰাজ্যিক কাৰাটে সন্থাৰ সংযোজক হীৰেণ গগৈ, অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ সম্পাদক আদৰ্শ চৌধুৰীৰ লগতে আন বিষয়ববীয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply