নিউজ ডেস্কঃ তিৱাগোষ্ঠীৰ পবিত্ৰ উপাসনাস্থলী চামাধী অৰ্থাৎ ডেকাচাঙক লৈ বিতৰ্কত সোমাই পৰিছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙকে ধৰি পৰিষদীয় কেইবাজনো সদস্য,বিধায়ক তথা বিজেপি দলৰ নেতা।
পশ্চিম কাৰ্বি আংলঙৰ তিৱা অধ্যুষিত অঞ্চল উমচুৱাইৰ আমচাইগাঁৱত এনে এক পবিত্ৰ চামাধীত কাৰ্বি পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিষদৰ বহু কেইজন কাৰ্যবাহী সদস্য,পাৰ্বত্য ভূমিৰ দুই বিধায়ক ৰূপছিং তেৰণ আৰু দৰছিং ৰংহাং,দলীয় নেতা কৰ্মীয়ে জোতা-চেন্দেল পিন্ধি প্ৰৱেশ কৰি ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
তিৱাসকলে পৰম্পৰাগত উপাসনাস্থলী তথা জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ চামাধী বা ডেকাচাঙক অতি পবিত্ৰ স্থান বুলি গণ্য় কৰে সেয়েহে এই চামাধীত জোতা চেন্দেল লৈ প্ৰৱেশ কৰাটো কঠোৰভাবে নিষেধ কৰি আহিছে।
লগতে পঢ়কঃবৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই
পবিত্ৰ চামাধীত জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ কৰা কাৰ্যত এতিয়া ক্ষুণ্ণ হৈ উঠিছে জনগোষ্ঠীটোৰ লোকসকল।
উল্লেখ্য যে, দলটোৰ এনে অপমানজনক কাৰ্যত বাধা প্ৰদান কৰাৰ সলনি সংগ প্ৰদান কৰিছিল স্থানীয় পৰিষদীয় সদস্য তিৱা জনগোষ্ঠীয় ডি উফিং মাচলায়ে। অনতিপলমে তুলিৰাম বাহিনীক ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।